স্পৰ্টছ ডেস্ক, 5 অক্টোবৰঃ বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 395 ৰানৰ লক্ষ্য ভাৰতৰ ৷ দ্বিতীয় ইনিংছত 4 উইকেটৰ বিনিময়ত 323 ৰান কৰি ইনিংছ ঘোষণা কৰে ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই দ্বিতীয় ইনিংছটো শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷
ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 395 ৰানৰ লক্ষ্য ভাৰতৰ - South Africa 11/1 at stumps in chase of 395
323 ৰানত দ্বিতীয় ইনিংছ ঘোষণা ভাৰতৰ ৷ ৰোহতিৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছটো শতক অৰ্জন ৷
ৰোহিতে 127 ৰান কৰাৰ বিপৰীতে চেতেশ্বৰ পূজাৰাই 81, ময়ংক আগৰৱালে 7, ৰবিন্দ্ৰ জাডেজাই 40, বিৰাটে অপৰাজিত 40 আৰু অজ্যিংকা ৰাহানেই অপৰাজিত 27 ৰান কৰিবলৈ সক্ষম হয় ৷ চতুৰ্থ দিনৰ অন্তত দক্ষিণ আফ্ৰিকাই 1 টা উইকেট হেৰুৱাই 11 ৰান সংগ্ৰহ কৰিছে ৷ প্ৰথম ইনিংছত শতক অৰ্জন কৰা ডেন এলগাৰ 2 ৰান কৰি ৰবিন্দ্ৰ জাডেজাৰ বলত লেগ বিফৰ আউট হয় ৷
ভাৰতে নিজৰ প্ৰথম ইনিংছত ৰোহিতৰ (176) আৰু ময়ংকৰ (215) ৰানৰ বিনিময়ত 502 ৰান কৰি ইনিংছ ঘোষণা কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ডেন এলগাৰৰ (160) আৰু কুইণ্টন ডি কক্ ৰ (111) ৰানৰ বিনিময়ত সংগ্ৰহ কৰিছিল 431 ৰান ৷ ভাৰতৰ হৈ আশ্বিনে লাভ কৰিছিল 7 টা কৈ উইকেট ৷