অসম

assam

হুৱাইট ৱাছৰে খ্ৰীষ্টচাৰ্চত শোচনীয় পৰাজয় ভাৰতৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত 7 উইকেটত পৰাস্ত ভাৰত ৷ নিউজিলেণ্ডক জয়ৰ বাবে লক্ষ্য বান্ধি দিছিল কেৱল 132 ৰান ৷

By

Published : Mar 2, 2020, 7:48 PM IST

Published : Mar 2, 2020, 7:48 PM IST

Ind vs NZ test : Newzealand clean sweep test series 2-0,2-0 ৰে শৃংখলা দখল নিউজিলেণ্ডৰ
2-0 ৰে শৃংখলা দখল নিউজিলেণ্ডৰ

স্পৰ্টছ ডেস্ক, 2 মাৰ্চঃএদিনীয়া শৃংখলাৰ পাচত টেষ্ট শৃংখলাতো নিউজিলেণ্ডৰ হাতত 2-0 ব্যৱধানত শোচনীয় পৰাজয়বৰণ ভাৰতৰ ৷ খ্ৰীষ্টচাৰ্চত অনুষ্ঠিত হোৱা অন্তিম তথা দ্বিতীয় টেষ্টত 7 উইকেটেৰে পৰাজয়ৰ সন্মুখীন হয় বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটো ৷

2-0 ৰে টেষ্ট শৃংখলাত পৰাস্ত ভাৰত

ভাৰতে দ্বিতীয় ইনিংছত বান্ধি দিয়া 132 ৰান লক্ষ্য কেৱল 3 উইকেট হেৰুৱাই অতিক্ৰম কৰিবলৈ সক্ষম হয় নিউজিলেণ্ড দলটোৱে ৷ প্ৰথম ইনিংছত ভাৰতৰ দুৰ্বল বেটিঙৰ প্ৰদৰ্শন দ্বিতীয় ইনিংছতো অব্যাহত থাকে ৷ প্ৰথম ইনিংছত 242 ৰান কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত ভাৰতে সংগ্ৰহ কৰে কেৱল 124 ৰান ৷ ইয়াৰ বিপৰীতে নিউজিলেণ্ডে প্ৰথম ইনিংছত 235 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ প্ৰথম ইনিংছৰ 7 ৰানৰ অগ্ৰগতিৰ ফলত নিউজিলেণ্ডক জয়ৰ বাবে প্ৰয়োজন আছিল মাত্ৰ 132 ৰান ৷ অন্তিমখন টেষ্টৰ তৃতীয় দিনাই ঘৰুৱা দলে জয় লাভ কৰি শৃংখলা 2-0 ৰে দখল কৰিবলৈ সক্ষম হয় ৷

দ্বিতীয় টেষ্টত 7 উইকেটত পৰাস্ত ভাৰত

ইয়াৰ লগে-লগে আইচিচি টেষ্ট ৰেংকিঙটো দ্বিতীয় স্থানলৈ উন্নতি হয় নিউজিলেণ্ডৰ ৷ ইয়াৰ পূৰ্বে প্ৰথম টেষ্টত 10 উইকেটত শোচনীয় পৰাজয়বৰণ কৰিছিল ভাৰতে ৷ ভাৰতে টি-20 শৃংখলা 5-0 ব্যৱধানত নিজৰ নাম কৰিছিল যদিও পৰৱৰ্তী এদিনীয়া শৃংখলা 3-0 আৰু টেষ্ট শৃংখলা 2-0 ব্যৱধানত পৰাস্ত হয় ৷ মেচখনত কেইলি জেমিছনক প্লেয়াৰ অফ দ্য মেচৰ সন্মান দিয়া হয় ৷ আনহাতে প্লেয়াৰ অফ দ্য ছিৰিজ লাভ কৰে টিম ছাউদিয়ে ৷

  • প্ৰথম ইনিংছ ভাৰত: 242 ৰান(পৃথ্বী শ্ব’ 54, চেতেশ্বৰ পূজাৰা 54, হনুমা বিহাৰী 55) (কাইলি জেমিছন 14 অভাৰ 45 ৰান 5 টা উইকেট, টিম ছাউদি 2 টা, ট্ৰেণ্ট বল্ট 2 টা উইকেট)নিউজিলেণ্ড প্ৰথম ইনিংছ: 235 ৰান(টম লেথাম 52, কাইলি জেমিছন 49) (মহম্মদ শ্বামী 23.1 অভাৰত 81 ৰান 4 টা উইকেট, জছপ্ৰীত বোমৰাহ 3 টা, ৰবিন্দ্ৰ জাডেজা 2 টা উইকেট)
  • ভাৰত দ্বিতীয় ইনিংছ: 124 ৰান(চেতেশ্বৰ পূজাৰা 24, ৰবিন্দ্ৰ জাডেজা অপৰাজিত 16) (ট্ৰেণ্ট বল্ট 14 অভাৰ 28 ৰান 4 টা উইকেট, টিম ছাউদি 3 টা উইকেট)নিউজিলেণ্ড দ্বিতীয় ইনিংছ: 132/3(টম লেথাম 52, টম ব্লেনডেল 55) (জছপ্ৰীত বোমৰাহ 13 অভাৰ 39 ৰান 2 টা উইকেট, উমেশ যাদৱ 1 টা উইকেট)

লগতে চাওক- মহিলা টি-20 বিশ্বকাপ: ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা

ABOUT THE AUTHOR

...view details