অসম

assam

নিউজিলেণ্ডত প্ৰতিশোধৰ মনোভাৱেৰে নহয় জয়ৰ লক্ষ্যৰে হে নামিব ভাৰতঃ বিৰাট

বিশ্বকাপত নিউজিলেণ্ডৰ হাতত পৰাজয়বৰণ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড ৷ ইয়াকে লৈ কোহলিৰ মন্তব্য, আমি প্ৰতিশোধৰ মনোভাৱেৰে নহয় জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হম ৷

By

Published : Jan 23, 2020, 6:26 PM IST

Published : Jan 23, 2020, 6:26 PM IST

নিউজিলেণ্ডত প্ৰতিশোধৰ মনোভাৱেৰে নহয় জয়ৰ লক্ষ্যৰে হে নামিব ভাৰতঃ বিৰাট
নিউজিলেণ্ডত প্ৰতিশোধৰ মনোভাৱেৰে নহয় জয়ৰ লক্ষ্যৰে হে নামিব ভাৰতঃ বিৰাট

স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃ শুকুৰবাৰে নিউজিলেণ্ডৰ ইডেন পাৰ্কত প্ৰথমখন টি-20 মেচত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড ৷ ভাৰতীয় সময় অনুসৰি দিনৰ 12.20 ত অনুষ্ঠিত হ’ব এই ৰোমাঞ্চকৰ খেলখন ৷ পাঁচখন মেচৰ টি-20 শৃংখলাৰ লগতে তিনিখন এদিনীয়াআৰু দুখন টেষ্ট মেচত অৱতীৰ্ণ হ’ব ভাৰত ৷

বৃহস্পতিবাৰে নিউজিলেণ্ডত সংবাদমেল সম্বোধন কৰি কোহলিয়ে কয়, ভাৰতীয় দলটোৱে বিশ্বকাপৰ পৰাজয়ৰ প্ৰতিশোধৰ মনোবৃত্তিৰে নিউজিলেণ্ড ভ্ৰমণলৈ অহা নাই ৷ কেৱল খেলপথাৰত প্ৰতিদ্বন্দিতাৰে নামিব ভাৰতীয় দলটো ৷

শুকুৰবাৰে ভাৰত বনাম নিউজিলেণ্ড প্ৰথম টি-20

উল্লেখ্য যে, বিগত বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত 18 ৰানত নিউজিলেণ্ডৰ হাতত পৰাজয়বৰণ কৰিছিল ভাৰতে ৷ ফলত তৃতীয়বাৰৰ বাবে বিশ্বচেম্পিয়ন হোৱাৰ সপোন তচনছ হৈছিল ভাৰতীয় দলটোৰ ৷

কে.এল ৰাহুল

এই সন্দৰ্ভতো কোহলিয়ে কয়, নিউজিলেণ্ড দলটোৱে বিশ্বকাপৰ ফাইনেললৈ অৱতীৰ্ণ হোৱাৰ বাবে আনন্দিত হৈছিলো ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দল হিচাপে খেলপথাৰত নিউজিলেণ্ডৰ এক সুকীয়া পৰিচয় আছে ৷

আনহাতে অতি কম সময়ৰ ভিতৰতেই এখন দেশৰ পৰা আন এখন দেশলৈ গৈ মেচ খেলা সন্দৰ্ভতো কোহলিয়ে কয়, পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ কিছু কঠিন হয় যদিও টি-20 বিশ্বকাপৰ দৃষ্টিভংগীৰে এই বৰ্ষ যথেষ্ট গুৰুত্বপূৰ্ণ ৷

বিৰাট কোহলিৰ সংবাদমেল

ইপিনে এই শৃংখলাত কে.এল ৰাহুলৰ বেটিং অৰ্ডাৰ সন্দৰ্ভতো স্পষ্টকৈ উল্লেখ কৰে অধিনায়কগৰাকীয়ে ৷ টি-20 অপেনাৰ হিচাপে বেটিং কৰাৰ বিপৰীতে এদিনীয়া শৃংখলাত 5 নম্বৰ স্থানত বেটিঙত নামিব ৰাহুল ৷ ইপিনে অকলেণ্ডত দেওবাৰে দ্বিতীয়খন টি-20 মেচ অৱতীৰ্ণ হ’ব ভাৰত ৷

ABOUT THE AUTHOR

...view details