অসম

assam

ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া : চিন্নস্বামীত শৃংখলাৰ চূড়ান্ত মেচ - India take on Australia in series decider at Chinnaswamy

দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব তৃতীয় তথা চূড়ান্ত এদিনীয়া ৷ এই মেচত জয়ী দলে শৃংখলা দখল কৰিবলৈ সক্ষম হ'ব ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া তৃতীয় এদিনীয়া
ভাৰতীয় দল

By

Published : Jan 19, 2020, 2:49 AM IST

স্পৰ্টছ ডেস্ক, 19 জানুৱাৰী : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ অন্তিম তথা চূড়ান্ত মেচ দেওবাৰে বাংগালুৰুৰ এম. চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ আইচিচি এদিনীয়া ৰেংকিঙৰ শীৰ্ষৰ দুয়োটা দলে প্ৰথম আৰু দ্বিতীয় মেচত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত মেচত দুয়ো দলে জয়েৰে শৃংখলা দখল কৰাৰ চেষ্টা কৰিব ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া

ৱাংখেড়েত অনুষ্ঠিত প্ৰথম মেচত অষ্ট্ৰেলিয়া দলে ভাৰতক 10 উইকেটক পৰাভূত কৰিবলৈ সক্ষম হৈছিল ৷ এৰন ফিন্স আৰু ডেভিদ ৱাৰ্ণাৰৰ অপৰাজিত শতকৰ জৰিয়তে ভাৰতে গঢ়া 255 ৰাণৰ সীমা অষ্ট্ৰেলিয়াই অতি সহজে অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া

এই পৰাজয়ৰ পাচতে ৰাজকোটত ভাৰতে সৱল প্ৰত্যাৱৰ্তন কৰে ৷ দলৰ শীৰ্ষ তিনি বেটছমেন শিখৰ ধাৱান, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই মেচতে কে. এল. ৰাহুলেও 5 সংখ্যক স্থানত সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় ৷

কে. এ. ৰাহুল
ৰোহিত শৰ্মা আৰু শিখৰ ধাৱান

সম্ভাব্য দল :
ভাৰত : বিৰাট কোহলী(অধিনায়ক), ৰোহিত শৰ্মা(সহ অধিনায়ক), ঋষভ পন্ত, জছপ্ৰীত বুমৰাহ, য়ুজবেন্দ্ৰ ছাহাল, শিখৰ ধাৱান, শিৱম ডুবে, শ্ৰেয়াস আয়াৰ, ৰবীন্দ্ৰ জাদেজা, কেদাৰ যাদৱ, মনিষ পাণ্ডে, কে. এল. ৰাহুল, নৱদ্বীপ ছাইনী, মহম্মদ ছামী, শাৰদুল ঠাকুৰ, কুলদীপ যাদৱ ৷

অষ্ট্ৰেলিয়া : এৰন ফিন্স(অধিনায়ক), এলেক্স কেৰী(সহ অধিয়ানক), পেট কিউমিনছ, এষ্টন আগাৰ, পিটাৰ হেণ্ডছকোম্ব, জোছ হেজলওদ, মাৰ্নাছ লাবুছেইন, কেন ৰিছাৰ্ডছন, ষ্টিভ স্মিথ, মিটছেল ষ্টাৰ্ক, এষ্টন টাৰ্নাৰ, ডেভিদ ৱাৰ্ণাৰ, আদাম জাম্পা ৷

আৰু পঢ়ক : সৰুসজাইত অনুষ্ঠিত ‘ইণ্ডিয়া কা খেলোৎসৱ’

ABOUT THE AUTHOR

...view details