স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ : বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বুধবাৰে মেনুকা অভেলত অনুষ্ঠিত হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়া মেচ ৷
আইপিএলত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা টি নটৰাজনে আজিৰ মেচৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটায় ৷ মহম্মদ ছামীৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে নটৰাজনক ৷ ইয়াৰোপৰি দলত স্থান লাভ কৰিছে শুভমন গীল, শাৰদুল ঠাকুৰ, কুলদীপ যাদৱে ৷ মায়ংক আগৰৱালৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে গীলক ৷
আনহাতে, অষ্ট্ৰেলিয়ান দলত তিনিটাকৈ সালসলনি ঘটোৱা হৈছে ৷ মিটছেল ষ্টাৰ্ক, ডেভিদ ৱাৰ্ণাৰ আৰু পেট কামিনছক দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷
ইতিমধ্যেই 2-0 ত শৃংখলা হেৰুওৱা ভাৰতীয় দলে আজিৰ মেচত জয়েৰে টি-20 ছিৰিজলৈ আত্মবিশ্বাস অৰ্জন কৰাৰ চেষ্টা চলাব ৷ আনহাতে, 0-3 ত পৰাস্ত হ'লে এয়া ভাৰতীয় দলে ক্ৰমাগতভাৱে দ্বিতীয়টো শৃংখলাত পৰাজয়বৰণ কৰিব ৷ উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা হেৰুৱাইছিল ভাৰতে ৷