অসম

assam

By

Published : May 21, 2020, 10:24 PM IST

ETV Bharat / sports

যদি চালাইভা নিষিদ্ধ কৰা হয় তেন্তে বলাৰৰ বাবে দ্বিতীয় বিকল্প থকাৰ প্ৰয়োজন : পেট কামিন্স

শেহতীয়াকৈ আইচিচিয়ে COVID-১৯ ৰ পাচত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট মেচ সমূহত বল থুই বা চালাইভা ব্যৱহাৰ নিষিদ্ধ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে । এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ দ্ৰুতবেগী বলাৰ পেট কামিন্সৰ প্ৰতিক্ৰিয়া ।

if we remove saliva we have to have another option says pat cummins
if we remove saliva we have to have another option says pat cummins

স্পৰ্টছ ডেস্ক, ২১ মে': COVID-১৯ মহামাৰীৰ ফলত বৰ্তমানে স্থবিৰ হৈ পৰিছে ক্ৰিকেট জগত । কিন্তু COVID-19 ৰ পাচত ক্ৰিকেট মেচ অনুষ্ঠিত হোৱাক লৈ এটা বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । সেইটো হৈছে বলাৰ তথা খেলুৱৈৰ দ্বাৰা ফিল্ডিঙৰ সময়ত বলত থুই ব্যৱহাৰ কৰা কাৰ্যই ।

ক্ৰিকেটত কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈয়ে শেহতীয়াকৈ আইচিচিয়ে এই সন্দৰ্ভত বলত চুইং লাভ কৰাৰ বাবে থুই ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে । ইয়াৰ পাচতেই অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ পেট কামিন্সে এই বিষয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

কামিন্সে কয়, বলত ঘাম ব্যৱহাৰ কৰাৰ অনুমতি দিয়াটো ভাল কথা । কিন্তু যিহেতু এতিয়া বলত থুই ব্যৱহাৰ কৰাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে । গতিকে বলৰ এটা অংশ উজ্বলতা বজাই ৰাখিবলৈ অন্য বিকল্পৰ ওপৰত চিন্তা কৰাৰ প্ৰয়োজন । ক্ৰিকেট ডট কম ডট এইউৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই কথা ।

খেলুৱৈগৰাকীয়ে লগতে কৈছে, বিজ্ঞানৰ মতে থুইৰ ব্যৱহাৰ বিপদজনক যদি আমাক অন্য় বিকল্প সমূহ খোলা ৰখাৰ প্ৰয়োজন । সেইয়া লাগিলে ঘামে হওক অথবা অন্যান্য আৰ্টিফিচিয়েল সামগ্ৰীয়ে ।

পেট কামিন্স

ইয়াৰ উপৰি তেওঁ কয়, আমাক যেনেকৈ হলেও বলৰ উজ্বলতা বৰ্তাই ৰাখিবই লাগিব । মই ঘাম ব্যৱহাৰ কৰাৰ অনুমতি দিয়াক লৈ সুখ প্ৰকাশ কৰিছো । আমাক এইটো সুনিশ্চিত কৰিব লাগিব যে, মেচত বলিং কৰাৰ পূৰ্বে আমাৰ দেহৰ পৰা ঘাম নিৰ্গত হয় । আমাক ভাল দৰে ৱাৰ্ম আপ কৰিব লাগিব বুলি কয় বৰ্তমানৰ টেষ্ট ক্ৰিকেটৰ বিশ্বৰ এক নম্বৰ বলাৰগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details