স্পৰ্টছ ডেস্ক, 3 মাৰ্চঃবৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব আইচিচি মহিলা টি-20 বিশ্বকাপৰ মহাৰণ ৷ সন্মুখ সমৰত থাকিব চাৰিটাকৈ শক্তিশালী দল ৷ অহা 5 মাৰ্চত প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত মুখামুখি হোৱাৰ বিপৰীতে সেই দিনাই অন্য এখন মেচত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া ৷
৫ মাৰ্চত মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলৰ মহাৰণ - ICC WOMEN'S T20 World Cup 2020
5 মাৰ্চত প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত মুখামুখি হোৱাৰ বিপৰীতে সেই দিনাই অন্য এটা মেচত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া ৷
ভাৰতে অন্তিমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক, দক্ষিণ আফ্ৰিকাই পাকিস্তানক আৰু অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অহা 8 মাৰ্চ অৰ্থাৎ মহিলা দিৱসৰ দিনাই অনুষ্ঠিত হ’ব আইচিচি মহিলা টি-20 বিশ্বকাপৰ চূড়ান্ত মেচ ৷
পোন প্ৰথমবাৰৰ বাবে মহিলা টি-20 খিতাপ জয়ৰ মাজত এতিয়া মাত্ৰ দুখোজ দূৰত্বত ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ বৰ্তমানলৈকে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজে এবাৰ আৰু অষ্ট্ৰেলিয়াই চাৰিবাৰৰ বাবে খিতাপ জয় কৰিবলৈ সক্ষম হৈছে ৷ এতিয়া অপেক্ষা কেৱল 5 মাৰ্চলৈ ৷ সকলো ক্ৰিকেট অনুৰাগীৰ মাজত এটাই উৎকণ্ঠা কোনে পাব বিশ্বকাপৰ ফাইনেলৰ টিকট !