স্পৰ্টছ ডেস্ক, 27 ফেব্ৰুৱাৰীঃআইচিচি মহিলা টি-20 বিশ্বকাপত আজি মুখামুখি হ’ব দুই শক্তিশালী দল নিউজিলেণ্ড আৰু ভাৰত ৷ গ্ৰুপ এ ত অন্তৰ্ভুক্ত ভাৰতীয় দলটোৰ লক্ষ্য হ’ব নিউজিলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত স্থান সুনিশ্চিত কৰাৰ ৷ ভাৰতীয় সময় অনুসৰি মেলৱৰ্ণৰ জংচন অ’ভেল ষ্টেডিয়ামত পুৱা 9 বাজি 30 মিনিটত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ মেচখন ৷
মহিলা টি-20 বিশ্বকাপঃ ছেমিফাইনেলৰ লক্ষ্যৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত - বিশ্বকাপৰ তৃতীয়খন মেচ
মেলৱৰ্ণৰ অ’ভেলত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব অপ্ৰতিৰুদ্ধ ভাৰত ৷ বিশ্বকাপৰ তৃতীয়খন মেচত জয় লাভেৰে ছেমিফাইনেলত স্থান সুনিশ্চিত কৰাৰ লক্ষ্য হ’ব হৰমনপ্ৰীত বাহিনীৰ ৷
মহিলা টি-20 বিশ্বকাপঃ ছেমিফাইনেলৰ লক্ষ্যৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত
ভাৰতে ইয়াৰ পূৰ্বে প্ৰথমখন মেচত চাৰিবাৰৰ বিশ্বচেম্পিয়ন অষ্ট্ৰেলিয়াক 17 ৰানত পৰাস্ত কৰি শক্তিশালী ৰূপে টুৰ্ণামেণ্টৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে দ্বিতীয়খন মেচত বাংলাদেশ দলক 18 ৰানত পৰাস্ত কৰিছিল ৷ বৰ্তমান চাৰি পইণ্ট লাভেৰে গ্ৰুপ এৰ তালিকাত প্ৰথম স্থান দখল কৰি আছে ভাৰতে ৷ ইপিনে শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ডে ৷