অসম

assam

ETV Bharat / sports

ভাৰত-বাংলাদেশৰ খেলুৱৈৰ মাজৰ সংঘৰ্ষৰ তদন্ত কৰিব আইচিচিয়ে - আইচিচিয়ে আৰম্ভ কৰিছে তদন্ত

অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেলত ভাৰত আৰু বাংলাদেশৰ খেলুৱৈয়ে মেচৰ অন্তত সংঘৰ্ষত লিপ্ত হৈছিল ৷ ইয়াক লৈ আইচিচিয়ে আৰম্ভ কৰিছে তদন্ত ৷

অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল
ভাৰত-বাংলাদেশৰ খেলুৱৈৰ মাজত সংঘৰ্ষ

By

Published : Feb 10, 2020, 5:29 PM IST

স্পৰ্টছ ডেস্ক, 10 ফেব্ৰুৱাৰী : ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল এক বিতৰ্কিত পৰিৱেশত অন্ত পৰে ৷ দেওবাৰে দক্ষিণ আফ্ৰিকাৰ চেনৱেছ পাৰ্কত অনুষ্ঠিত ফাইনেলৰ পাচতে দুয়ো দলৰ খেলুৱৈয়ে সংঘৰ্ষত লিপ্ত হোৱা পৰিলক্ষিত হয় ৷

অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল

ঘটনা সম্পৰ্কত অনুৰ্দ্ধ-19 ভাৰতীয় দলৰ মেনেজাৰ অনিল পেটেলে কয় যে, বাংলাদেশৰ খেলুৱৈৰ অগ্ৰহণীয় ব্যৱহাৰৰ বিৰুদ্ধে আইচিচিয়ে ব্যৱস্থা গ্ৰহণ কৰিব ৷

ডাকৱৰ্থ লিৱিছ পদ্ধতিৰে (DLS) বাংলাদেশে প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলক তিনি উইকেটত পৰাস্ত কৰাৰ পাচতে দুয়ো দলৰ মাজত তৰ্কাতৰ্কি হোৱাৰ লগতে খেলপথাৰৰ মাজতে হতাহতিৰ সৃষ্টি হয় ৷

ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰাৰ পাচতে বাংলাদেশী খেলুৱৈসকলে ভাৰতীয় খেলুৱৈলৈ বিতৰ্কিত মন্তব্য কৰাৰ ফলত দুয়ো দল বাকবিতণ্ডাত লিপ্ত হয় ৷

পেটেলে লগতে জনায় যে, ভাৰতীয় দলৰ মেনেজমেন্ট এই ঘটনাক লৈ হতচকিত হৈ পৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ কথা চিন্ত-চৰ্চা কৰি আছিল ৷ এনে সময়তে মেচ ৰেফাৰী ভাৰতীয় দলৰ মেনেজমেন্টৰ ওচৰ চাপি তেওঁলোকক এই সম্পৰ্কত আলোচনা কৰাৰ বিষয়ে জানিবলৈ দিয়ে ৷

তেওঁ লগতে কয় যে, আইচিচিয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু ভিডিঅ' ফুটেজ চোৱাৰ লগতে সোমবাৰে এই সম্পৰ্কে জানিবলৈ দিব ৷

উল্লেখ্য যে, ভাৰতীয় অ'পেনাৰদ্বয় যশস্বী জয়ছৱাল আৰু দিব্যাঞ্চ ছাক্সেনাই বেটিং কৰি থকাৰ সময়ত বাংলাদেশৰ বেগী বলাৰ শ্বৰিফুল ইছলাম আৰু তাঞ্জিম হাছান ছাকিব আক্ৰমণাত্মক হৈ পৰাৰ লগতে তেওঁলোকলৈ লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰা পৰিলক্ষিত হৈছিল ৷

ভাৰতীয় বেটছমেন ছাক্সেনা আৰু জয়ছৱালে বহুবাৰ বাংলাদেশৰ বলাৰৰ আক্ৰমণাত্মক ব্যৱহাৰৰ সন্মুখীন হ'বলগা হৈছিল ৷

এই ঘটনাৰ পাচতে বাংলাদেশৰ অধিনায়ক আকবৰ আলিয়ে সমগ্ৰ ঘটনাৰ বাবে অনুশোচনা প্ৰকাশ কৰে ৷

আৰু পঢ়ক : প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল বাংলাদেশ

ABOUT THE AUTHOR

...view details