অসম

assam

By

Published : Jun 11, 2020, 3:29 PM IST

ETV Bharat / sports

খেলুৱৈৰ ন্যায়সংগত সমাজৰ দাবীৰ সমৰ্থনত আইচিচি !

বৰ্ণ বৈষম্য বিষয়ক লৈ আইচিচিৰ গুৰুত্বপূৰ্ণ মন্তব্য় । বৰ্ণ বৈষম্যৰ প্ৰতিবাদৰ বাবে খেলুৱৈয়ে নিজৰ মনোভাৱ প্ৰকাশৰ বাবে ক্ৰীড়াৰ মঞ্চ ব্য়ৱহাৰক সমৰ্থন আইচিচিৰ ।

ICC to exercise 'common sense' approach if players opt to extend support for 'equitable society'
ICC to exercise 'common sense' approach if players opt to extend support for 'equitable society'

স্পৰ্টছ নিউজ, 11 জুনঃ বৰ্ণ বৈষম্য প্ৰতিবাদ ক্ৰীড়াজগতত বাৰুকৈ চলি থকাৰ মাজতেই আইচিচিৰ গুৰুত্বপূৰ্ণ মন্তব্য় । যদি কোনো খেলুৱৈয়ে 'Black Lives Matter' অভিযান মৰ্মে যদি নিজৰ একতা প্ৰদৰ্শন কৰে তেন্তে আইচিচিয়ে সেইটো "সামান্য জ্ঞান" (common sense) দৃষ্টিভংগীৰে চাব বুলি উল্লেখ কৰে ।

আইচিচি বৰ্ণ বৈষম্যৰ বিৰোধী আৰু এই খেলৰ বিভিন্নতাক লৈ আমি গৌৰাম্বিত । আমি আমাৰ খেলুৱৈক তেওঁলোকৰ মনোভাৱ ন্যায়সংগত সমাজৰ বাবে প্ৰকাশ কৰিবলৈ আমাৰ এই মঞ্চ ব্যৱহাৰৰ বাবে যথাযথভাৱে সমৰ্থন জনাম বুলি এক ৱেবচাইটত আইচিচৰ মুখপত্ৰক উদ্ধৃত কৰি কোৱা হৈছে ।

লগতে কোৱা হৈছে, আমি এই বিষয় সন্দৰ্ভত সামান্য জ্ঞানৰ দৃষ্টিভংগীৰ উপয়োগ কৰিম । মেচ বিষয়ববীয়াৰ দ্বাৰা এই বিষয়ে কেচ-বাই-কেচ ভিত্তিত মূল্যাংকন কৰা হ'ব বুলিও উল্লেখ কৰে । কৃষ্ণাংগবৰণৰ জৰ্জ ফ্লয়ডক বৰ্বতাৰে হত্যা কৰাৰ পাচতেই সৰ্বত্ৰে 'Black Lives Matter' প্ৰতিবাদৰ সূচনা হৈছে । বাদ পৰি ৰোৱা নাই ক্ৰীড়াজগতো ।

ক্ৰিকেট পৰিচালনা কমিটিয়ে অতীতত খেলুৱৈৰ দ্বাৰা এনে বিবৃতি প্ৰদান কৰাত তেতিয়া তাক ৰাজনৈতিক বুলি বিবেচিত কৰিব পৰা যাব পাৰে বুলি উল্লেখ কৰিছিল । বিগত বছৰত আইচিচিয়ে ভাৰতীয় দলৰ উইকেটকীপাৰ মহেন্দ্ৰ সিং ধোনীৰ সেনাৰ এক প্ৰতীক চিহ্ন থকা উইকেটকিপিং গ্ল'ভছ পৰিধান কৰাত নিষেধজ্ঞা প্ৰদান কৰিছিল ।

আনহাতে ইয়াৰ মাজতেই আইচিচিয়ে শেহতীয়াকৈ ক্ৰিকেটত কিছু সাল-সলনিৰ কথা সদৰি কৰিছে । যাৰ ভিতৰত অন্য়তম হৈছে বলত থুঁ ব্যৱহাৰত নিষেধাজ্ঞা আৰু আন্তঃৰাষ্ট্ৰীয় মেচত ঘৰুৱা আম্পায়ৰৰ ব্য়ৱহাৰ । আনহাতে শেহতীয়াকৈ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আইচিচিয়ে । টেষ্ট ক্ৰিকেটত COVID-১৯ বিকল্প খেলুৱৈৰ অনুমতি প্ৰদান কৰিছে আইচিচিয়ে ।

লগতে পঢ়কঃ মুম্বাইত আৱদ্ধ হোজাইৰ 40 জন শ্ৰমিকক ৰাজ্যলৈ ঘূৰাই পঠালে চনু চুডে

ABOUT THE AUTHOR

...view details