স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ: 2023 চনৰ পৰা সলনি হোৱাৰ সম্ভাৱনা টেষ্ট ক্ৰিকেটৰ নিয়মাৱলী ৷ পূৰ্বৰ 5 দিনীয়া মেচৰ সলনি 4 দিনীয়া হ’ব পাৰে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট ৷ বিশ্বস্তৰত এটা ক্ৰিকেট বৰ্ষত বৃদ্ধি হৈ অহা হেঁচা লাঘৱ কৰাৰ বাবেই এই বিষয়ে প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ আগন্তুক বৰ্ষৰ পৰাই এই সাল-সালনিৰ পূৰ্ণ সম্ভাৱনা আছে ৷ যদিহে চাৰিদিনীয়া টেষ্ট শৃংখলা 2015-2023 বৰ্ষলৈ কাৰ্যকৰী কৰা হ’ল হেতেন তেন্তে 335 দিনৰ ৰাহি হ’ল হৈ ক্ৰিকেট সূচীত ৷
2023 চনত সলনি হ’ব টেষ্ট ক্ৰিকেট - Test Cricket 2019 latest news
সলনি হ’ব পাৰে আইচিচিৰ টেষ্ট ক্ৰিকেটৰ পদ্ধতি ৷ 2023 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আইচিচিয়ে আগন্তুক বৰ্ষত এই বিষয়ে গ্ৰহণ কৰিব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
![2023 চনত সলনি হ’ব টেষ্ট ক্ৰিকেট 2023 চনত সলনি হ’ব টেষ্ট ক্ৰিকেট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5551475-thumbnail-3x2-a.jpg)
2023 চনত সলনি হ’ব টেষ্ট ক্ৰিকেট
অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত আগন্তুক বৰ্ষত চাৰিদিনীয়া টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷