স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ :নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে বৃহস্পতিবাৰে আইচিচি পুৰুষ টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে ৷ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আৰু ভাৰতৰ বিৰাট কোহলীক অতিক্ৰম কৰি শীৰ্ষ স্থান দখল কৰে উইলিয়ামছনে ৷
পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত মেচজয়ী ইনিংছ উপহাৰ দি টেষ্ট ৰেংকিঙত শীৰ্ষ স্থানলৈ উন্নীত হয় উইলিয়ামছন (129 আৰু 21) ৷ চাৰি বছৰৰ পাচত প্ৰথমবাৰৰ বাবে টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান স্মিথ আৰু কোহলীৰ পৰিৱৰ্তে অন্য খেলুৱৈয়ে দখল কৰিছে ৷
ৰেড বল ক্ৰিকেটতো 2015 চনত কিছু সময়ৰ বাবে শীৰ্ষ বেটছমেন আছিল উইলিয়ামছন ৷ তেতিয়াৰে পৰাই তালিকাৰ শীৰ্ষ স্থানত আধিপত্য বিস্তাৰ কৰি আহিছিল কোহলী আৰু স্মিথে ৷