অসম

assam

ETV Bharat / sports

2019 বৰ্ষৰ অন্তত টেষ্ট ৰেকিঙৰ শীৰ্ষ স্থানত কোহলি

2019 বৰ্ষৰ অন্তত আই চি চি ৰ টেষ্ট ক্ৰিকেটৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিলে ভাৰতৰ টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ কোহলিৰ লগতে শীৰ্ষ দহটা স্থানত আছে আন দুই ভাৰতীয় খেলুৱৈ ৷

By

Published : Dec 30, 2019, 8:33 PM IST

2019 বৰ্ষৰ অন্তত টেষ্ট ৰেকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ কোহলিৰ
2019 বৰ্ষৰ অন্তত টেষ্ট ৰেকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ কোহলিৰ

স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰঃ প্ৰকাশ পালে আই চি চিৰ নতুন টেষ্ট ৰেংকিঙ ৷ 2019 বৰ্ষৰ অন্তত আই চি চি ৰ টেষ্ট ক্ৰিকেটৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ 928 পইণ্ট লাভেৰে শীৰ্ষ স্থান লাভ কৰিলে কোহলিয়ে ৷ কোহলিৰ পাচতেই 911 পইণ্ট লাভেৰে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ দ্বিতীয় আৰু 822 পইণ্ট লাভেৰে তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচন ৷

আনহাতে এই তালিকাতে শীৰ্ষ দহটা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ আন দুই খেলুৱৈ চেতেশ্বৰ পূজাৰা আৰু অজ্যিংকা ৰাহানেয়ে ৷ পূজাৰা পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে সপ্তম স্থান লাভ কৰিছে ৰাহানেয়ে ৷ ইপিনে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেকিংঙেৰে এই বৰ্ষৰ অন্ত পেলাব অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান খেলুৱৈ মাৰ্নছ লাবুচানে ৷ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে ৷

ইপিনে বলিঙত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৷ 902 পইণ্টৰে প্ৰথম স্থানত কামিন্স থকাৰ বিপৰীতে 859 পইণ্টেৰে নেইল ৱেগনাৰ দ্বিতীয় আৰু 832 পইণ্টেৰে তৃতীয় স্থানত আছে কাগিছ ৰাবাডা ৷ আনহাতে ষষ্ঠ স্থানত জছপ্ৰীত বোমৰাহ থকাৰ বিপৰীতে নৱম স্থানত আশ্বিন আৰু দশম স্থান দখল কৰিছে মহম্মদ শ্বামীয়ে ৷

ABOUT THE AUTHOR

...view details