স্পৰ্টছ ডেস্ক, 20 আগষ্ট : সোমবাৰে ঘোষণা কৰা আইচিচি টেষ্ট ৰেংকিঙত শীৰ্ষ স্থান অব্যাহত ৰাখিছে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে ৷ এছেজত সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে দ্বিতীয় স্থানলৈ উন্নীত হৈছে অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ ৷ 30 বৰ্ষীয় স্মিথে ইংলেণ্ডৰ বিৰুদ্ধে এছেজত 378 ৰাণ সংগ্ৰহ কৰিছে ৷ দ্বিতীয় স্থানৰ যুঁজত স্মিথে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক পৰাস্ত কৰে ৷ কোহলীৰ 922 পইন্টৰ পৰিৱৰ্তে স্মিথে 913 পইন্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷
আইচিচি টেষ্ট ৰেংকিং : শীৰ্ষ স্থানত অক্ষত কোহলী,দ্বিতীয় স্থানলৈ উন্নীত স্মিথ - আইচিচি টেষ্ট ৰেংকিং : শীৰ্ষ স্থান অব্যাহত কোহলীৰ
আইচিচি ৰেংকিঙৰ বেটছমেনৰ তালিকাত শীৰ্ষ স্থান অব্যাহত ৰাখিছে বিৰাট কোহলীয়ে ৷ দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ ৷
আইচিচি টেষ্ট ৰেংকিং : শীৰ্ষ স্থান অব্যাহত কোহলীৰ, দ্বিতীয়লৈ উন্নীত স্মিথ
আনহাতে, বলাৰৰ ৰেংকিঙত অষ্ট্ৰেলিয়াৰ পেট কিউমিনছে শীৰ্ষ স্থান অব্যাহত ৰাখিছে ৷ ইংলেণ্ডৰ বলাৰ ষ্টুৱাৰ্ট বৰ্ড আৰু ক্ৰিছ ৱকছে 14 আৰু 27 সংখ্যক স্থান লাভ কৰিছে ৷ আনহাতে, প্ৰথমখন টেষ্টতে পাঁচটাকৈ উইকেট দখল কৰা জফ্ৰা আৰ্চাৰে এই তালিকাত প্ৰৱেশ কৰাৰ লগতে 83 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
দলীয় ৰেংকিঙত ভাৰতে শীৰ্ষ স্থান বৰ্তাই ৰাখিছে যদিও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাস্ত হ'লেই শীৰ্ষ স্থান হেৰুৱাব লাগিব ভাৰতে ৷