অসম

assam

By

Published : May 23, 2020, 4:28 PM IST

ETV Bharat / sports

POST COVID : আইচিচিৰ নতুন নিৰ্দেশাৱলী !

COVID-১৯ মহামাৰীৰ ফলত বৰ্তমান স্তব্ধ হৈ ৰৈছে ক্ৰিকেট জগত । COVID-১৯ ৰ পাচত অনুষ্ঠিত হ'বলগীয়া মেচক লৈ এতিয়া তৎপৰ আইচিচি । শেহতীয়াকৈ বলত চালাইভা নিষিদ্ধ ঘোষণা কৰাৰ পাচত পুনৰ নতুন নিৰ্দেশাৱলী প্ৰদান আইচিচিৰ ।

ICC new guidelines
ICC new guidelines

স্পৰ্টছ ডেস্ক, ২৩ মে': শুকুৰবাৰে আইচিচিৰ দ্বাৰা কিছুমান নতুন নিৰ্দেশাৱলী । COVID-১৯ ৰ পাচত আৰম্ভ হ'বলগীয়া মেচ সমূহত খেলুৱৈ সকলে পালন কৰিব লাগিব এই নতুন নিয়মাৱলী । আইচিচিয়ে ইয়াৰ পূৰ্বে ইতিমধ্যে বলত চালাইভা অথবা থুঁ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে খেলুৱৈ সকলক ।

আম্পায়াৰক টুপি, চানগ্লাছ দিয়াত নিষেধাজ্ঞা

শুকুৰবাৰে পুনৰ কেইটামান নতুন নিৰ্দেশাৱলী প্ৰদান কৰা হৈছে আইচিচিৰ ফালৰ পৰা । আইচিচিৰ এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা অনুশীলনৰ সময়ত খেলুৱৈক শৌচালয় ব্যৱহাৰ নকৰিবলৈ কোৱাৰ লগতে খেলপথাৰত আম্পায়াৰক টুপি, চানগ্লাছ ধৰিবলৈ দিয়াটো বাধা আৰোপ কৰা হৈছে । কিন্তু এইটো স্পষ্ট কে উল্লেখ কৰা হোৱা নাই খেলুৱৈয়ে সেই সমূহ বস্তু ক'ত ৰাখিব । খেলুৱৈয়ে খেলপথাৰত সেই সমূহ ৰাখিব নোৱাৰিব কাৰণ তাৰ পৰা পেনাল্টী ৰান যোৱাৰ শংকা থাকিব । যেনেকৈ হেলমেটৰ ক্ষেত্ৰত প্ৰযোজ্য হয় । ইয়াৰ উপৰি সকলো খেলুৱৈয়ে খেলপথাৰত আম্পায়াৰৰ সৈতে শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব । ইপিনে আম্পায়েৰে বল ধৰাৰ সময়ত গ্ল'ভছৰ ব্যৱহাৰ কৰিব লাগিব বুলি নতুন নিৰ্দেশাৱলীত উল্লেখ কৰা হৈছে ।

আইচিচিয়ে ইয়াৰ লগতে বিচাৰিছে যে খেলুৱৈয়ে মেচৰ পূৰ্বে আৰু মেচৰ পাচত অতি কম সময় ড্ৰেচিং ৰুমত অতিবাহিত কৰে । আনহাতে খেল পথাৰত বল ধৰাৰ পাচত খেলুৱৈক চকু, নাক, মুখত স্পৰ্শ নকৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে হাত পৰিস্কাৰ কৰাৰো নিৰ্দেশ দিয়া হৈছে ।

ইপিনে অনুশীলনৰ সময়ত খেলুৱৈ সকল অধিক অসুবিধাৰ সন্মুখীন হোৱা সম্ভাৱনা আছে । কিয়নো অনুশীলনৰ সময়ত শৌচালয় ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই খেলুৱৈক ।

ABOUT THE AUTHOR

...view details