স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰঃবুধবাৰে আইচিচিয়ে ঘোষণা কৰা টেষ্ট ৰেংকিঙত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ পৰা শীৰ্ষ স্থান আঁজুৰি আনি নিজৰ দখলত ৰাখে ভাৰতৰ অন্যতম সফল অধিনায়কগৰাকীয়ে ৷ শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে সমাপ্ত হোৱা টেষ্ট ছিৰিজত কোহলীয়ে 136 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিছিল ৷ ইডেন গাৰ্ডেনত অনুষ্ঠিত দিবা-নৈশ টেষ্ট মেচখনৰ জৰিয়তে কোহলীয়ে 928 পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
আনহাতে, পাকিস্তানৰ বিৰুদ্ধে এডিলেইড মেচত কেৱল 36 ৰাণ সংগ্ৰহ কৰা বাবে ষ্টিভ স্মিথে 931 পইন্টৰ পৰা 923 পইন্টলৈ অৱনমিত হয় ৷ বৰ্তমান কোহলী স্মিথতকৈ 8 পইন্টেৰে অগ্ৰগতি লাভ কৰি আছে ৷ কিন্তু এই বছৰত আৰু টেষ্ট মেচ নথকাৰ বাবে ভাৰতীয় অধিনায়কগৰাকীয়ে পইন্ট তালিকাত আৰু পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ব ৷ আনহাতে, স্মিথে নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু দুখন টেষ্ট মেচত অৱতীৰ্ণ হ'ব ৷