স্পৰ্টছ ডেস্ক, 1 এপ্ৰিল :ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে এদিনীয়া বেটছমেনৰ বাবে আইচিচিৰ ৰেংকিঙত শীৰ্ষ স্থান বজাই ৰাখিছে ৷ আনহাতে, ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে বুধবাৰে প্ৰকাশ পোৱা বলাৰৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় এদিনীয়াত ৫৬ আৰু ৬৬ ৰাণ কৰা কোহলীয়ে সংগ্ৰহ কৰিছে ৮৭০ পইণ্ট ৷
ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বল শৃংখলাৰ পৰা বিশ্ৰাম লোৱা বুমৰাহে বলাৰৰ তালিকাত চতুৰ্থ স্থানলৈ অৱনিত হৈছে আৰু ৬৯০ পইণ্ট দখল কৰিছে । পাকিস্তানৰ বাবৰ আজমৰ পিছত ভাৰতৰ সীমিত অভাৰৰ উপ-অধিনায়ক ৰোহিত শৰ্মা তৃতীয় স্থানত আছে ৷ আনহাতে, কে এল ৰাহুল ৩১ তম স্থানৰ পৰা ২৭ তম স্থানলৈ উত্তৰণ ঘটিছে ।
অ'লৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই শেহতীয়া ৩৫ আৰু ৬৪ ৰাণৰ পিছত বেটছমেনসকলৰ মাজত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৪২ তম স্থান অৰ্জন কৰিছে আৰু ঋষভ পন্তে শীৰ্ষ এশ গৰাকীৰ মাজত প্ৰৱেশ কৰিছে। বিগত ফাইনেল খেলখনত ৪২ ৰাণত তিনিটা উইকেট দখল কৰা চিম বলাৰ ভুৱনেশ্বৰ কুমাৰে একবিংশতম স্থান লাভ কৰিছে, যি ২০১৭ চনৰ ছেপ্টেম্বৰত দশম হোৱাৰ পিছত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ স্থান । একেখন খেলত ৬৭ ৰাণ কৰাৰ বাবে ছাৰদুল ঠাকুৰে পূৰ্বৰ ৯৩ ৰ পৰিৱৰ্তে ৮০ তম স্থানলৈ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।