অসম

assam

ETV Bharat / sports

দশকটোৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ পদকৰ বাবে মনোনীত কোহলী, অশ্বিন - ৰোহিত শৰ্মা

আইচিচিৰ দশকজোৰা শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ শিতানত মঙলবাৰে আইচিচিয়ে মনোনীত কৰে বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনক ৷ লগতে ভাৰতীয় অধিনায়ক কোহলীয়ে যোৱা 10 বছৰৰ দূৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিত পুৰুষৰ পাঁচোটা কেটেগৰীতে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৷

ICC nominates Kohli, Ashwin for Men's Player of the Decade Award
কোহলী, অশ্বিন

By

Published : Nov 24, 2020, 9:33 PM IST

স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ :আইচিচিৰ দশকজোৰা শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ শিতানত মঙলবাৰে আইচিচিয়ে মনোনীত কৰে বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনক ৷ লগতে ভাৰতীয় অধিনায়ক কোহলীয়ে যোৱা 10 বছৰৰ দূৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিত পুৰুষৰ পাঁচোটা কেটেগৰীতে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৷

এই সন্মানীয় পদকৰ বাবে মুঠ 7 জন ক্ৰিকেটাৰে মনোনয়ন লাভ কৰিছে ৷ ইয়াৰ ভিতৰত দুই ভাৰতীয় ক্ৰিকেটাৰ হ'ল কোহলী আৰু অফ স্পীনাৰ অশ্বিন ৷ ভাৰতীয় ক্ৰিকেটাৰ দুগৰাকীৰ উপৰি মনোনয়ন লাভ কৰিছে জ' ৰোট (ইংলেণ্ড), কেন উইলিয়ামছন (নিউজিলেণ্ড), ষ্টিভ স্মিথ (অষ্ট্ৰেলিয়া), এবিডি ভিলিয়াৰ্ছ (দক্ষিণ আফ্ৰিকা) আৰু কুমাৰ ছাংগাক্কাৰা (শ্ৰীলংকা) ৷

বিৰাট কোহলী

দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া পুৰুষ ক্ৰিকেটাৰ কেটেগৰীত স্থান লাভ কৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মা, কোহলী, লাছিথ মালিংগা (শ্ৰীলংকা), মিটচেল ষ্টাৰ্ক (অষ্ট্ৰেলিয়া), ডি ভিলিয়াৰ্ছ আৰু ছাংগাক্কাৰা ৷

দশকটোৰ শ্ৰেষ্ঠ টি-20 পুৰুষ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছে কোহলী আৰু ৰোহিতৰ উপৰি ৰছিদ খান (আফগানিস্তান), ইমৰান তাহিৰ (দক্ষিণ আফ্ৰিকা), এৰন ফিন্স (অষ্ট্ৰেলিয়া), মালিংগা আৰু ক্ৰিছ গেইল (ৱেষ্ট ইণ্ডিজ) ৷

ইয়াৰোপৰি কোহলীয়ে মনোনয়ন লাভ কৰিছে দশকটোৰ শ্ৰেষ্ঠ টেষ্ট পুৰুষ ক্ৰিকেটাৰ আৰু আইচিচি স্পিৰিট অৱ ক্ৰিকেট এৱাৰ্ড অৱ দা ডিকেড কেটেগৰীৰ বাবে ৷ কোহলীৰ উপৰি ধোনীয়েও আইচিচি স্পিৰিট অৱ ক্ৰিকেট এৱাৰ্ড অৱ দা ডিকেড কেটেগৰীৰ বাবে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৷

সকলো ফৰমেটতে 50 ৰো অধিক গড় ৰান ৰেট সংগ্ৰহ কৰা কোহলীৰ দখলত আছে 70 টা আন্তৰাষ্ট্ৰীয় শতক আৰু তেওঁ কেৱল শচীন তেণ্ডুলকাৰ (100) আৰু ৰিকী পন্টিঙৰ (71) পিছতে তালিকাত স্থান লাভ কৰিছে ৷

সৰ্বকালৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে বিৰাট কোহলীয়ে ৷ তেওঁৰ দখলত আছে 21,444 ৰাণ ৷ কেৱল তেণ্ডুলকাৰ (34,357) আৰু পন্টিঙৰ (27,483) পাছতে আছে কোহলী ৷

যোৱা দশকত কোহলীয়ে টেষ্টত 7000 ৰো অধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে সীমিত অ'ভাৰৰ ফৰমেটৰ এদিনীয়াত 11000 ৰাণ আৰু টি-20 ত সংগ্ৰহ কৰিছে 2600 ৰো অধিক ৰাণ ৷

খেলুৱৈসকলে লাভ কৰা ভোটৰ ওপৰত ভিত্তি কৰি চূড়ান্ত বিজয়ীৰ নাম ঘোষণা কৰা হ'ব -

মনোনয়নৰ তালিকা :

দশকটোৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ:বিৰাট কোহলী (ভাৰত), ৰবিচন্দ্ৰন অশ্বিন (ভাৰত), জ' ৰোট (ইংলেণ্ড), কেন উইলিয়ামছন (নিউজিলেণ্ড), ষ্টিভ স্মিথ (অষ্ট্ৰেলিয়া), এবিডি ভিলিয়াৰ্ছ (দক্ষিণ আফ্ৰিকা) আৰু কুমাৰ ছাংগাক্কাৰা (শ্ৰীলংকা) ৷

দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া মহিলা ক্ৰিকেটাৰ :মেগ লেনিং (অষ্ট্ৰেলিয়া), এলিছ পেৰী (অষ্ট্ৰেলিয়া), ছুজি বেটছ (নিউজিলেণ্ড), ষ্টেফানি টেইলৰ (ৱেষ্ট ইণ্ডিজ) আৰু ঝুলন গোস্বামী (ভাৰত) ৷

দশকটোৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ : মেগ লেনিং (অষ্ট্ৰেলিয়া), এলিছ পেৰী (অষ্ট্ৰেলিয়া), ছুজি বেটছ (নিউজিলেণ্ড), ষ্টেফানি টেইলৰ (ৱেষ্ট ইণ্ডিজ), মিথালী ৰাজ (ভাৰত), ছাৰাহ টেইলৰ (ইংলেণ্ড) ৷

দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া পুৰুষ ক্ৰিকেটাৰ : বিৰাট কোহলী (ভাৰত), লাছিথ মালিংগা (শ্ৰীলংকা), মিটছেল ষ্টাৰ্ক (অষ্ট্ৰেলিয়া), এবিডি ভিলিয়াৰ্ছ (দক্ষিণ আফ্ৰিকা), ৰোহিত শৰ্মা (ভাৰত), এম এছ ধোনী (ভাৰত) আৰু কুমাৰ ছাংগাক্কাৰা (শ্ৰীলংকা)

দশকটোৰ শ্ৰেষ্ঠ টেষ্ট পুৰুষ ক্ৰিকেটাৰ :বিৰাট কোহলী (ভাৰত), কেন উইলিয়ামছন (নিউজিলেণ্ড), ষ্টিভ স্মিথ (অষ্ট্ৰেলিয়া), জেমছ এণ্ডাৰছন (ইংলেণ্ড), ৰংগনা হেৰাথ (শ্ৰীলংকা) আৰু য়াছিৰ শ্বাহ (পাকিস্তান) ৷

দশকটোৰ শ্ৰেষ্ঠ টি-20 পুৰুষ ক্ৰিকেটাৰ : ৰছিদ খান (আফগানিস্তান), বিৰাট কোহলী (ভাৰত), ইমৰান তাহিৰ (দক্ষিণ আফ্ৰিকা), এৰন ফিন্স (অষ্ট্ৰেলিয়া), লাছিথ মালিংগা (শ্ৰীলংকা), ক্ৰিছ গেইল (ৱেষ্ট ইণ্ডিজ) আৰু ৰোহিত শৰ্মা (ভাৰত) ৷

আইচিচি স্পিৰিট অৱ ক্ৰিকেট এৱাৰ্ড অৱ দা ডিকেদ :বিৰাট কোহলী (ভাৰত), কেন উইলিয়ামন (নিউজিলেণ্ড), ব্ৰেণ্ডন মেককালাম (নিউজিলেণ্ড), মিছবাহ উল-হক (পাকিস্তান), এম এছ ধোনী (ভাৰত), অন্যা শ্ৰুৱছোলে (ইংলেণ্ড), কেথৰিন ব্ৰান্ট (ইংলেণ্ড), মাহেলা জয়াবৰ্ধনে (শ্ৰীলংকা) আৰু ডেনিয়েল ভিট্টৰী (নিউজিলেণ্ড) ৷

লগতে পঢ়ক :প্ৰথম দুখন টেষ্টৰ পৰা বাহিৰ ইশান্ত, ৰোহিত : সূত্ৰ

ABOUT THE AUTHOR

...view details