স্পৰ্টছ ডেস্ক , ২৭ জানুৱাৰী : ইন্টাৰনেশ্য়নেল ক্ৰিকেট কাউঞ্চিল (আইচিচি)ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বুধবাৰে আইচিচিয়ে সমগ্ৰ বছৰটোৰ সকলো প্ৰকাৰৰ আন্তৰ্জাতিক ক্ৰিকেটত পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰাৰ বাবে আৰু উদযাপন কৰিবলৈ ' আই চি চি প্লেয়াৰ অৱ দ্য় মান্থ ' বঁটা প্ৰদান কৰাৰ ঘোষণা কৰে । প্ৰেছ বিজ্ঞপ্তি যোগে আই চি চিয়ে কয় যে বিশ্বৰ প্ৰাক্তন খেলুৱৈ, সম্প্ৰচাৰক আৰু সাংবাদিকসকলক লৈ গঠিত এক স্বতন্ত্ৰ আই চি চি ভোটিং একাডেমীয়ে অনুৰাগীসকলৰ সৈতে আই চি চি পুৰুষ আৰু মহিলা খেলুৱৈক ভোট দিব পাৰিব ।
ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন , ইংলেণ্ডৰ জ' ৰুট , অষ্ট্ৰেলিয়াৰ ষ্টিব স্মিথ , দক্ষিণ আফ্ৰিকাৰ মাৰিজেন কেপ , নাদিন ডি ক্লেৰ্ক , পাকিস্তানৰ নিদা দৰ আদিৰ দৰে প্ৰতিষ্ঠিত খেলুৱৈসকলৰ উপৰিও ভাৰতৰ মহম্মদ চিৰাজ , টি নটৰাজন , ঋষভ পন্ত , আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজ আদিৰ দৰে যুৱ খেলুৱৈসকল জানুৱাৰী মাহৰ প্ৰাৰ্থীসকলৰ ভিতৰত থাকিব ।
আই চি চি ৰ জেনেৰেল মেনেজাৰ জেফ এলাৰডিচে কোৱা মতে 'আই চি চি প্লেয়াৰ অৱ দ্য় মান্থ'ত খেলৰ অনুৰাগীসকলৰ সৈতে সংযোগ কৰা আৰু বছৰটোৰ মাজেৰে তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ প্ৰদৰ্শনক স্বীকৃতি প্ৰদানৰ বাবে কৰা এক মহান পদক্ষেপ ।