স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বাওঁহতীয়া বেটছমেন নিকোলাছ পুৰাণৰ বিৰুদ্ধে আক্ৰমণাত্মক আচৰণ প্ৰদৰ্শন কৰাৰ বাবে আইচিচিৰ তৰফৰ পৰা সতৰ্কবাণী লাভ কৰিছে ভাৰতৰ বেগী বলাৰ নৱদ্বীপ চাইনীয়ে ৷ ফ্ল'ৰিডাত অনুষ্ঠিত প্ৰথমখন টি - 20 মেচত পুৰাণৰ উইকেট দখলৰ পাছতে এনে আচৰণ প্ৰদৰ্শন কৰিছিল চাইনীয়ে ৷
উল্লেখ্য যে, চাইনীয়ে এই আচৰণ প্ৰদৰ্শন কৰি আইচিচি নিয়মাৱলীৰ 2.5 সংখ্যক দফা ভংগ কৰে ৷ এই দফা অনুসৰি, কোনো বেটছমেনক আউট কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে আক্ৰমণাত্মক ভংগিমা প্ৰদৰ্শন কৰিলে সেই বলাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷