স্পৰ্টছ ডেস্ক, 9 জুন: চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপকলৈ 10 জুন অৰ্থাৎ বুধবাৰে এক চূড়ান্ত বৈঠকত মিলিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ক্ৰিকেট কমিটি । য'ত গ্ৰহণ কৰা হ'ব অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপৰ আয়োজনকলৈ চূড়ান্ত সিদ্ধান্ত ।
উল্লেখ্য যে, চলিত বৰ্ষৰ 18 অক্টোবৰ পৰা 15 নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত টি-20 বিশ্বকাপৰ আয়োজনৰ কাৰ্যসূচী নিৰ্ধাৰণ হৈ আছিল যদিও বিশ্বজুৰি চলা কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপে শেহতীয়াকৈ এই প্ৰতিযোগিতালৈ আনিছে অনিশ্চয়তা ।
সূত্ৰৰ পৰা জানিব পৰা মতে এই বৈঠকত পাঁচটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই বিষয় কেইটা হৈছে- টি-20 বিশ্বকাপ আয়োজনৰ ওপৰত সিদ্ধান্ত, আইচিচিৰ অধ্য়ক্ষ পদৰ নিৰ্বাচন প্ৰক্ৰিয়া, ভৱিষ্যতৰ ভ্ৰমণ কাৰ্যৰ পূৰ্বপৰিকল্পনা, বিচিচিআইৰ সৈতে কৰ সম্পৰ্কীয় বিষয় আৰু আইচিচিৰ CEOৰ ভৰ্তি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা ।