স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ: বাংলাদেশ ক্ৰিকেটৰ অধিনায়ক ছাকিব অল হাছানক আই চি চিৰ নিষেধাজ্ঞা ৷ মেচ ফিক্সিঙৰ সন্দৰ্ভত 2 বছৰৰ নিষেধাজ্ঞা জাৰি আই চি চি ৰ ৷ দৰাচলতে মেচ ফিক্সিঙক লৈ এজন বুকিয়ে ছাকিব অল হাছানৰ সৈতে সংযোগ স্থাপন কৰিছিল ৷ কিন্তু এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চি ক অৱগত কৰা নাছিল ছাকিবে ৷ যাৰ পাচতে এই সন্দৰ্ভত তদন্ত চলাই আই চি চিয়ে দুৰ্নীতি বিৰোধী আইন উলংঘন কৰাৰ তিনিটা দোষত 2 বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে খেলুৱৈগৰাকীৰ ওপৰত ৷
অনুচ্ছেদ 2.4.4 অনুসৰি 2 বছৰৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ছাকিবৰ ওপৰত ৷ ইয়াৰে 1 বছৰ নিলম্বনৰ শাস্তি বিহা হৈছে খেলুৱৈগৰাকীক ৷ আগন্তুক 29 অক্টোবৰ 2020 ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন কৰিব পাৰিব ছাকিবে ৷ উল্লেখ্য যে, এই সন্দৰ্ভত 6 মাহৰ পৰা 5 বছৰৰ পৰ্যন্ত শাস্তি বিহিব পাৰে আই চি চি য়ে ৷
এই শাস্তি লাভ কৰাৰ পাচত ছাকিব অল হাছানৰ প্ৰতিক্ৰিয়া,