স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ: শেহতীয়াকৈ প্ৰকাশ পালে আই চি চিৰ আন্তঃৰাষ্ট্ৰীয় টি-20 ৰ নতুন ৰেংকিঙ ৷ ৰেংকিঙ প্ৰকাশ পোৱাৰ লগে-লগে ভাৰতীয় ক্ৰিকেট ক্ৰীড়াপ্ৰেমীলৈ দুখবৰ৷ শীৰ্ষ পাঁচটা স্থান লাভ কৰাত ব্যৰ্থ হৈছে ভাৰতীয় খেলুৱৈ ৷
বেটিঙত পাকিস্তানৰ বাবৰ আজমে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ভাৰতৰ ৰোহিত শৰ্মা 8ম আৰু কে.এল ৰাহুল9ম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ নতুন ৰেংকিঙত ৰোহিত আৰু ৰাহুলৰ এক স্থানৰ অৱনতি ঘটিছে ৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে এৰণ ফিন্স আৰু ডেভিড মালান ৷