নিউজ ডেস্ক, 13 মে': 2014 চনত বাংলাদেশত অনুষ্ঠিত T20 বিশ্বকাপৰ ফাইনেল খেল, প্ৰতিদ্বন্দী আছিল শ্ৰীলংকা । খেল খনত পৰাস্ত হৈ দ্বিতীয়বাৰলৈ বিশ্বকাপ জয়ৰ খিতাপৰ পৰা বঞ্চিত হৈছিল ভাৰত । ভাৰতৰ পৰাজয়ৰ বাবে মুখ্যত সমালোচিত হৈছিল যুৱৰাজ সিং । কাৰণ, অতি ধীৰ বেটিঙেৰে 21 টা বলত মাত্ৰ 11 ৰান সংগ্ৰহ কৰিছিল যুৱৰাজে ।
এই খেলখনৰ পাচতেই খেলুয়ৈ জনৰ কেৰিয়াৰ শেষ হৈ যাব বুলি ধাৰণা কৰিছিল খুদ যুৱৰাজ সিঙে । মঙলবাৰে এই কথা প্ৰকাশ কৰে খেলুৱৈ গৰাকীয়ে ।
ছটা বলত ছটা ছিক্স... ভাৰতীয় খেল জগতৰ স্মৰণীয় ঘটনা 2011 বিশ্বকাপৰ নায়ক যুৱৰাজ সিঙে সেই খেলখনৰ পাচত নিজকে কোনো হত্যাকাৰী খলনায়ক দৰে ভাবিছিল বুলি প্ৰকাশ কৰে ।
উক্ত খেলখনৰ পাচত যুৱৰাজৰ ঘৰত শিল নিক্ষেপৰ দৰে ঘটনাও সংঘটিত হয় বুলি জনায় খেলুৱৈ গৰাকীয়ে ।
তেওঁ সেই খেলখনৰ পাচত ঘৰত গৈ নিজকে খলনায়কৰ দৰে অনুভৱ কৰিছিল । তেওঁ 2007 চনত ইংলেণ্ডৰ বিৰুদ্ধে ছটা বলত ছটা ছয় কোবোৱাৰ কথা মনত পেলাইছিল । আৰু তেওঁ অনুভৱ কৰিছিল যে, বৰ্তমান আৰু সেই সময় নাই, শেষ হৈ গ'ল তেওঁৰ কেৰিয়াৰ ! ইউ টিউবৰ এক ভিডিঅ'ত এই কথা প্ৰকাশ কৰে যুৱৰাজ সিঙে ।
আই পি এলৰ প্ৰসংগত তেওঁ কয় যে, তাতেও তেওঁ বহু জটিল সময় দেখিছে । তেওঁ ধোনী, ৰোহিত, কোহলিৰ দৰে এটা দলতে সংস্থাপিত হ'ব নোৱাৰাৰ কথাটোয়ো ভিডিঅ'টোত উল্লেখ কৰে ।
উল্লেখ্য যে, যুৱৰাজে ভাৰতৰ হৈ 40 খন টেষ্ট, 304 খন এদিনীয়া আৰু 58 খন টি-20 খেল খেলিছে ।