স্পৰ্টছ ডেস্ক, 10 জুলাই : দেশত ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও ক্ৰিকেটৰ খেলপথাৰত ভূমুকি মাৰিবলৈ সমৰ্থ হোৱা নাই ভাৰতীয় ক্ৰিকেটাৰ সকল । যাৰ বাবে প্ৰায় সংখ্য়ক ক্ৰিকেটাৰে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে । বৃহস্পতিবাৰে ভাৰতীয় দ্ৰুতবেগী বলাৰ মহম্মদ শ্বামীয়ে কয়, ক'ভিড-19 আৰু লক ডাউন এখন দ্বি-তৰোৱালৰ দৰে। এটিয়ে যদি ক্লান্ত শৰীৰক নিৰাময় আৰু শক্তিশালী কৰাত সহায় কৰে আনটোৱে আকৌ দীৰ্ঘসময় ধৰি বিৰতৰ ফলত বিনাশকাৰী প্ৰভাৱ পেলাব পাৰে ।
নিউজ এজেঞ্জীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয় খেলুৱৈগৰাকীয়ে। লগতে মহানগৰীত বাস কৰা অন্যান্য ভাৰতীয় খেলুৱৈতকৈ তেওঁ এটি সুবিধা অধিক লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। সাহসপুৰৰ নিজৰ পৈতৃক ঘৰত শ্বামীয়ে নিয়মিত নেট প্ৰশিক্ষণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি সেই ঠাইদোখৰ সকলো সুবিধাযুক্ত এখন মিনি ক্ৰিকেট গ্ৰাউণ্ড বুলি কয় ।