স্পৰ্টছ ডেস্ক, 28 জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক লৈ পাকিস্তানৰ ক্ৰিকেটাৰ আব্দুল ৰাজ্জাকৰ মন্তব্য ৷ ৰাজ্জাকৰ মতে, পাণ্ডিয়াৰ বেটিঙত আছে কিছু কৌশলগত দোষ ৷ যাৰ বাবে বিশ্বৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বনোৱাৰ ক্ষেত্ৰত ৰাজ্জাকে সহায় কৰিব পাৰিব বুলি উল্লেখ কৰে প্ৰাক্তন পাকিস্তানী খেলুৱৈগৰাকীয়ে ৷
মই পাণ্ডিয়াক সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বনাব পাৰিমঃ আব্দুল ৰাজ্জাক - INDIA
হাৰ্দিক পাণ্ডিয়াক লৈ প্ৰাক্তন পাকিস্তানৰ ক্ৰিকেটাৰ আব্দুল ৰাজ্জাকৰ মন্তব্য
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মেচৰ পিচতে আব্দুল ৰাজ্জাকে টুইটাৰ যোগে উল্লেখ কৰে, এই মেচখনত মই পাণ্ডিয়াক তীক্ষ্ণ দৃষ্টিৰে প্ৰত্যক্ষ কৰিছিলো ৷ তেওঁ যেতিয়া বেটিং কৰি থকা সময়ত বল হিট কৰিছিল তেতিয়া তেওঁৰ শৰীৰৰ অৱস্থিতি সঠিক নাছিল লগতে তেওঁৰ ফুটৱৰ্কৰ ক্ষেত্ৰতো দোষ থকা বুলি উল্লেখ কৰে ৷ যাৰ বাবে তেওঁ ক্ৰীজত বেছি সময় তিষ্ঠি থাকিব নোৱাৰে বুলি কয় ৰাজ্জাকে ৷ সেয়ে পাণ্ডিয়াক প্ৰশিক্ষণ দিয়াৰ কথা প্ৰকাশ কৰি বিচিচিআইয়ে অনুমতি দিলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বনাবলৈ সদায় সাজু আছো বুলি কয় ৰাজ্জাকে ৷