স্পৰ্টছ ডেস্ক,7 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনেৰে 65 ৰাণৰ সুন্দৰ ইনিংছ গঢ়াৰ পাছতে নিজৰ প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য আগবঢ়াইছে উইকেট কীপাৰ, বেটছমেন ঋষভ পন্তে ৷ তৃতীয় টি-20 ত ভাৰতে জয়লাভৰ পাছতে সতীৰ্থ ৰোহিত শৰ্মাক পন্তে জানিবলৈ দিয়ে যে, মেচত অৱতীৰ্ণ হোৱাৰ পূৰ্বে তেওঁ সদায়ে নিজৰ সামৰ্থ আৰু খেলৰ প্ৰণালীক বিশ্বাস কৰে ৷ বিচিচিআইয়ে প্ৰকাশ কৰা এক ভিডিঅ'ত পন্তে প্ৰথম দুখন টি -20 মেচত বেটিঙত নিৰাশাজনক প্ৰদৰ্শনৰ বিষয়েও উল্লেখ কৰে ৷
মোৰ খেলৰ প্ৰণালীত মই বিশ্বাস কৰো: ঋষভ পন্ত - বিচিচিআইৰ দ্বাৰা প্ৰকাশিত ভিডিঅ'
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 65 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ পাছতে নিজৰ প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য কৰিছে উইকেট কীপাৰ বেটছমেন ঋষভ পন্তে ৷
ঋষভ পন্ত
উল্লেখ্য যে,মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত ভাৰতে 147 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 27 ৰাণতে দুটাকৈ উইকেট হেৰুৱায় ৷ ইয়াৰ পাছতে ঋষভ পন্ত আৰু অধিনায়ক বিৰাট কোহলীয়ে 106 ৰাণৰ ইনিংছ গঢ়ে ৷ কোহলীৰ 59 আৰু পন্তৰ 65 ৰাণৰ ইনিংছৰ জৰিয়তে ভাৰতে 7 উইকেটত জয়লাভ কৰে আৰু 3-0 ব্যৱধানত শৃংখলা দখল কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে,আগষ্টৰ 8 তাৰিখে গুৱানাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ'ব ৷