অসম

assam

By

Published : Dec 31, 2020, 7:19 AM IST

ETV Bharat / sports

বিপদৰ পৰা মুক্ত প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰ উদ্দিন

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰ উদ্দিন বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ বুলি জানিব পৰা গৈছে ৷ এই কথা টুইটাৰত শ্বেয়াৰ কৰিলে মহম্মদ আজহাৰ উদ্দিনে ৷

I am well and safe: Azharuddin after escaping car accident
বিপদৰ পৰা মুক্ত প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰ উদ্দিন

নিউজ ডেস্ক, 31 ডিচেম্বৰ:ৰাজস্থানত পতিত হোৱা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰ উদ্দিন বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ বুলি জানিব পৰা গৈছে ৷ এই কথা টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিলে মহম্মদ আজহাৰ উদ্দিনে ৷

বুধবাৰৰ সন্ধিয়া এক টুইটযোগে তেওঁ কয়, "সকলোকে শুভ সন্ধিয়া জনালো ৷ আজি মোৰ এটা সামান্য দুৰ্ঘটনা হৈছিল ৷ এই সামান্য দুৰ্ঘটনাত আঘাত পাইছিল যদিও ভগৱানৰ কৃপাত এতিয়া মই সম্পূৰ্ণৰূপে সুস্থ ৷" লগতে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰা অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন ক্ৰিকেটাৰজনে ৷

লগতে পঢ়ক :ৰাজস্থানত মহম্মদ আজহাৰ উদ্দিনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details