স্পৰ্টছ ডেস্ক, 27 নৱেম্বৰ : ভাৰতীয় অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 76 বলত সংগ্ৰহ কৰিলে 90 ৰাণ ৷ দল পৰাস্ত হ'লেও নিজৰ দূৰ্দান্ত প্ৰদৰ্শনৰ পাচতে পাণ্ডিয়াই মন্তব্য কৰে যে, পিতৃত্ব অৰ্জনৰ পাচতে তেওঁৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি হ'ল ৷
উল্লেখ্য যে, 30 জুলাইত পাণ্ডিয়াৰ পত্নী নতাশা ষ্টেনকোভিকে এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷ পুত্ৰ সন্তানটিৰ নাম ৰখা হয় আগষ্ট্য ৷ পাণ্ডিয়াই কয় যে, এটি সন্তানৰ পিতৃ হোৱাৰ পাচত তেওঁ জীৱনক এক পৃথক দৃষ্টিভংগীৰে চোৱাৰ লগতে ভালৰ বাবে এই পৰিৱৰ্তন অহা বুলি জনায় ৷