স্পৰ্টছ ডেস্ক, 4 জুনঃ শেহতীয়াকৈ চৰ্চালৈ আহিছিল হাৰ্দিক পাণ্ডিয়াৰ প্ৰেয়সী নাতাশা ষ্টানকোভিচৰ গৰ্ভৱতীৰ কথা । কিন্তু এইবাৰ স্বয়ং হাৰ্দিক পাণ্ডিয়াই ফাদিল কৰিছে নাতাশা ষ্টানকোভিচ আৰু তেওঁৰ মাজৰ এক ৰহস্য । চলিত বৰ্ষৰ 1 জানুৱাৰীত প্ৰেয়সী নাতাশা ষ্টানকোভিচক আঙুঠি পিন্ধাইছিল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই ।
কিন্তু এই আঙুঠি পিন্ধোৱা কাৰ্যটো আছে এক আমোদজনক কথা । হৰ্ষা ভ'গলেৰ সৈতে বাৰ্তালাপত হাৰ্দিক পাণ্ডিয়াই কয় নাতাশাৰ সৈতে আঙুঠি পিন্ধাবলৈ যোৱা বিষয়ে জ্ঞাত নাছিল খেলুৱৈগৰাকীৰ পিতৃ-মাতৃ । তেওঁ কয়, ডুবাইত মই নাতাশাক আঙুঠি পিন্ধাইছিলো । আঙুঠি পিন্ধোৱাৰ দুদিন পূৰ্বে কেৱল ক্ৰোণাল পাণ্ডিয়াক এই কথা কোৱা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।