স্পৰ্টচ ডেস্ক, 12 ডিচেম্বৰ :ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম ষ্টাইলিশ্ব বেটচমেন হিচাপে পৰিচিত যুৱৰাজ সিঙে শনিবাৰে তেওঁৰ 39 সংখ্যক জন্মদিন উদযাপন কৰিব ৷ ক্ৰিকেট জগতৰ পৰা ইতিমধ্যে সন্যাস লোৱা যুৱৰাজ সিঙৰ ভাৰতীয় অনুৰাগী সকলে আজিও সিমানেই ভাল পায় যিমান তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলি থকাৰ সময়ত ভালপোৱা আছিল ৷ 12 ডিচেম্বৰত যুবৰাজৰ জন্মদিন উপলক্ষে তেওৰ অনুৰাগী সকলে সামাজিক মাধ্যম যোগে তেখেতক জন্মদিনৰ শুভেচ্ছা জনায় ৷ তদুপৰি যুৱৰাজ সিঙৰ সতীৰ্থ ক্ৰিকেটাৰেও তেওঁক জন্মদিনৰ শুভেচ্ছা জনায় ৷
39 বছৰত ভৰি দিলে 'চিক্সাৰ কিং' যুৱৰাজ সিঙে - যুবৰাজৰ জন্মদিন
যুবৰাজে ভাৰতীয় ক্ৰিকেট দলক দুটাকৈ বিশ্বকাপ জয় কৰাত অনবদ্য অৱদান আগবঢ়াইছে ৷ 2007 চনত টি-20 বিশ্বকাপ আৰু 2011 ত এদিনীয়া বিশ্বকাপত যুৱৰাজ সিঙে মেন-অৱ দা-টুৰ্ণামেন্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
39 বছৰত ভৰি দিলে 'চিক্সাৰ কিং' যুৱৰাজ সিঙে
উল্লেখ্য যে, যুবৰাজে ভাৰতীয় ক্ৰিকেট দলক দুটাকৈ বিশ্বকাপ জয় কৰাত অনবদ্য অৱদান আগবঢ়াইছে ৷ 2007 চনত টি-20 বিশ্বকাপ আৰু 2011 ত এদিনীয়া বিশ্বকাপত যুৱৰাজ সিঙে মেন-অৱ দা-টুৰ্ণামেন্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 2011 ৰ বিশ্বকাপত যুৱৰাজে 362 ৰাণ সংগ্ৰহ কৰাৰ লগতে 15 টাকৈ উইকেট লাভ কৰি দলটোক বিজয়ী হোৱাত সহায় কৰিছিল ৷
লগতে পঢ়ক: চিত্ৰ বিশেষ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-20 শৃংখলা দখল ভাৰতৰ