স্পৰ্টছ ডেস্ক, ৩০ এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ আজি ৩৩ সংখ্যক জন্মদিন । বিশ্ব ক্ৰিকেট জগতত বৰ্তমান হিটমেন নামে খ্যাত ৰোহিত শৰ্মা । ১৯৮৭ চনৰ ৩০ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰোহিত শৰ্মাৰ২০০৭ চনত২৩ জুনত পোন প্ৰথমবাৰৰ বাবে অভিষেক ঘটিছিল আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত । বৰ্তমান সময়ত বিশ্ব ক্ৰিকেটৰ এজন বিধ্বংসী খেলুৱৈৰ তালিকাত নাম সন্নিৱিষ্ট হৈ আছে ৰোহিতৰ । ৰোহিতৰ নামতেই এদিনীয়া ক্ৰিকেটত ৩ টাকৈ দ্বি-শতক অৰ্জন কৰাৰ অভিলেখ আছে । ৰোহিত শৰ্মাৰ জন্মদিনৰ বিশেষ দিনটোত চাও আহক কাৰ বিৰুদ্ধে কেতিয়া দ্বি-শতক অৰ্জন কৰিছিল ৰোহিতে-
- ২০৯, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে (২০১৩ চনত বেংগালুৰুত)
শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১৩ চনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই । বেংগালুৰুত অনুষ্ঠিত এই মেচখনত ৰোহিতে ১৫৮ টা বলত ২০৯ ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল । মেচখনত ৰোহিতে প্ৰথমে বেটিং কৰিবলৈ আহি লেহমীয়া গতিত নিজৰ ইনিংছ আগুৱাই নিছিল । শতক অৰ্জন কৰাৰ পাচতেই ৰোহিতে বিধ্বংসী ৰূপ ধাৰণ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰিছিল । ৰোহিতৰ দ্বি-শতকৰ ফলতেই ভাৰতে মেচখনত ৩৮৩ ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক । ভাৰতে ৫৭ ৰানত মেচখনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ।
- ২৬৪, শ্ৰীলংকাৰ বিৰুদ্ধে (২০১৪ চনত কলকাতাত)
প্ৰথমটো দ্বি-শতক অৰ্জনৰ এবছৰৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ নিজৰ দ্বিতীয়টো আৰু এদিনীয়া ক্ৰিকেটৰ সৰ্বোচ্চ স্কৰ কৰিবলৈ সক্ষম হৈছিল ৰোহিত শৰ্মাই । শ্ৰীলংকাৰ বিৰুদ্ধে ২০১৪ চনত কলকাতাত অনুষ্ঠিত হোৱা মেচত ১৭৩ টা বলত বিধ্বংসী ২৬৪ ৰানৰ ইনিংছ খেলিছিল ৰোহিতে । এদিনীয়া ক্ৰিকেটত কোনো খেলুৱৈৰ দ্বাৰা এইটো হৈছে সৰ্বোচ্চ ব্যক্তিগত ৰান ।
- ২০৮, শ্ৰীলংকাৰ বিৰুদ্ধে (২০১৭ চনত, মোহালীত)