স্পৰ্টছ ডেস্ক, 19 জুনঃ ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ উদীয়মান ক্ৰিকেটাৰ হায়দাৰ আলীয়ে । বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত ক্ৰিকেটত নিজৰ আদৰ্শ খেলুৱৈ হিচাপে ৰোহিত শৰ্মা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । আনহাতে ৰোহিত শৰ্মাক প্ৰকৃত মেচ বিজয়ী খেলুৱৈ হিচাপেও আখ্য়া দিয়ে ক্ৰিকেটাৰগৰাকীয়ে ।
এক ভিডিঅ' কনফাৰেন্সত খেলুৱৈগৰাকীয়ে কয়, আদৰ্শ খেলুৱৈৰ কথা ক'লে মোৰ ক্ষেত্ৰত ৰোহিত শৰ্মা । মই এজন খেলুৱৈ হিচাপে প্ৰকৃততে তেওঁক পছন্দ কৰো আৰু দলক তেওঁৰ দৰে আক্ৰমণাত্মক আৰম্ভণি দিবলৈ বিচাৰো ।
তেওঁ এনে এজন ব্যক্তি যি তিনিওটা ফৰ্মেটৰ বাবে । তেওঁ তিনিটা ফৰ্মেটত নিজকে ঢাল খোৱাবলৈ সক্ষম । তেওঁৰ এটা গুণে মোক অতিকৈ আকৃষ্ট কৰে যিটো যেতিয়া তেওঁ 50 ৰান অতিক্ৰম কৰে তেতিয়া 100 লৈ আৰু যেতিয়া 150 অতিক্ৰম কৰে তেতিয়া তাক 200 লৈ ৰূপান্তৰ কৰাৰ চিন্তা কৰে । মইয়ো এইটোৱেই কৰিব বিচাৰো, ডাঙৰ লক্ষ্য অতিক্ৰম কৰিবলৈ । সেই বাবেই তেওঁক এজন প্ৰকৃত মেচ বিজয়ী খেলুৱৈ বুলি উল্লেখ কৰে যুৱ ক্ৰিকেটাৰগৰাকীয়ে ।