স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ক্ষন্তেক সময়ৰ বাবে বিৰতি লৈছে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক খেলুৱৈ গ্লেন মেক্সৱেলে ৷ যাৰ বাবে ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া তৃতীয়খন টি-20 মেচৰ বাবে ৰাষ্ট্ৰীয় দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে খেলুৱৈগৰাকীয়ে ৷ খেলুৱৈগৰাকীৰ এই তাৎক্ষণিক সিদ্ধান্তই আচম্বিত কৰিছে সকলোকে ৷ দৰাচলতে মানসিক অসুস্থতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে ৷ এই কথা সদৰী কৰে 'ক্ৰিকেটঅষ্ট্ৰেলিয়া'ই ৷ বৰ্তমান মেক্সৱেলৰ স্থানত ডী আৰ্ছী শ্বৰ্টক অষ্ট্ৰেলিয়াৰ টি-20 দলত স্থান দিয়া হৈছে ৷
অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মনোৰোগ বিশেষজ্ঞ ড0 মাইকেল লয়্ডে কয়, ‘‘মানসিক ভাৱে কিছু অসুবিধাৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মেক্সৱেল ৷ সেয়ে ক্ষন্তেক সময়ৰ বাবে ক্ৰিকেটৰ পৰা বিশ্ৰাম বিচাৰিছে খেলুৱৈগৰাকীয়ে ৷ আমি মেক্সৱেলৰ সমস্যাক লৈ চিন্তিত আৰু আমি ইয়াৰ সমাধান বিচাৰি আছো ৷’’