স্পৰ্টছ ডেস্ক, 26 ডিচেম্বৰ :দুবছৰ আগতেই শুভমন গীলে আত্মপ্ৰকাশ ঘটাব লাগিছিল ভাৰতীয় টেষ্ট দলত ৷ এই মন্তব্য প্ৰাক্তন ফাষ্ট বলাৰ অজিত আগৰকাৰৰ ৷ উল্লেখ্য যে, শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বলাৰ মহম্মদ ছিৰাজৰ সৈতে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাই শুভমন গীলে ৷ প্ৰথম দিনাৰ বেটিঙৰ অন্তত তেওঁ অপৰাজিতভাৱে 38 বলত সংগ্ৰহ কৰে 28 ৰাণ ৷
অজিত আগৰকাৰে কয়, "তেওঁ কিছু বছৰ আগতেই এই সুবিধা লাভ কৰিব লাগিছিল ৷ তেওঁক সাজু দেখা গৈছে ৷ তেওঁৰ ক্ষমতা ভালদৰে পৰিলক্ষিত হৈছে ৷"