অসম

assam

ETV Bharat / sports

70 বছৰত ভৰি দিলে গাভাস্কাৰে: জন্মদিনত তেওঁৰ 5 টা অভিলেখ - লিটল মাষ্টাৰ

70 বৰ্ষীয় হ'ল প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰ ৷ এই বিশেষ দিনত তেওঁৰ গঢ়া শীৰ্ষ পাঁচটা বিশ্ব অভিলেখত এভুমুকি ৷

70 বছৰত ভৰি দিলে গাভাস্কাৰে

By

Published : Jul 10, 2019, 1:41 PM IST

স্পৰ্টছ ডেস্ক, 10 জুলাই : ক্ৰিকেট বিশ্বৰ সোঁহতীয়া মহান বেটছমেন সকলৰ ভিতৰত অন্যতম সুনীল গাভাস্কাৰে বুধবাৰে ভৰি দিলে 70 বছৰত ৷ 'লিটল মাষ্টাৰ' তথা 'ছানী' হিচাপে সকলোৰে মাজত পৰিচিত গাভাস্কাৰ 1983 চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য ৷ ঘৰুৱা আৰু বিদেশৰ খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শনেৰে তেওঁৰ কেৰিয়াৰত বলাৰ সকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল ৷ অভিলেখ সৃষ্টিকাৰী ভাৰতীয় খেলুৱৈ সকলৰ ভিতৰত উল্লেখযোগ্য আছিল গাভাস্কাৰ ৷

সুনীল গাভাস্কাৰ

এই বিশেষ দিনটোত চাওঁ আহক তেওঁ গঢ়া পাঁচটা বিশ্ব অভিলেখ -

1. 10,000 ৰাণ সংগ্ৰহকাৰী প্ৰথম ক্ৰিকেটাৰ: টেষ্ট ক্ৰিকেটত 10,000 ৰাণ সম্পূৰ্ণ কৰা প্ৰথমজন ক্ৰিকেটাৰ আছিল সুনীল গাভাস্কাৰ ৷ মুম্বাইৰ বেটছমেন জনে 1987 চনত পাকিস্তানৰ বিৰুদ্ধে এই অভিলেখৰ অধিকাৰী হৈছিল ৷

সুনীল গাভাস্কাৰ

2. 30 টা শতক কৰা প্ৰথম ক্ৰিকেটাৰ: সেই সময়ৰ বেষ্ট ইণ্ডিজ ক্ৰিকেটৰ ভয়ানক বলিং আক্ৰমণক দিশহাৰা কৰা একমাত্ৰ ক্ৰিকেটাৰ আছিল গাভাস্কাৰ ৷ ছাৰ জন ব্ৰেডমেনে গঢ়া টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক শতকৰ অভিলেখ ভংগ কৰি ভাৰতীয় খেলুৱৈ গৰাকীয়ে 1983 চনত টেষ্ট ক্ৰিকেটত 30 টা শতক নিজৰ নামত কৰিছিল ৷

সুনীল গাভাস্কাৰ

3. অভিষেক টেষ্ট ছিৰিজত সৰ্বাধিক ৰাণ : 1970-71 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট ছিৰিজত অভিষেক ঘটাই সৰ্বমুঠ 774 ৰাণ সংগ্ৰহ কৰিছিল গাভাস্কাৰে ৷

সুনীল গাভাস্কাৰ

4.নিজৰ বেট কঢ়িয়াবলৈ সমৰ্থ হোৱা প্ৰথম ভাৰতীয়: এটা টেষ্ট ইনিংছত এজন বেটছমেনে নিজৰ বেট কঢ়িয়াই নিয়াৰ অৰ্থ হ'ল অ'পেনাৰ জনে ইনিংছটোত অপৰাজিত হৈ ৰোৱা ৷ এই অভিলেখৰ অধিকাৰী হৈছিল গাভাস্কাৰ ৷ পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত অপৰাজিত ভাৱে 127 ৰাণৰ ইনিংছ গঢ়িছিল তেওঁ ৷

সুনীল গাভাস্কাৰ

5. বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৰ্বাধিক ৰাণ: বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 27 খন টেষ্টত অৱতীৰ্ণ হৈ মুঠ 2,749 ৰাণ সংগ্ৰহ কৰিছিল তেওঁ ৷ এইয়া বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিদেশী খেলুৱৈৰ সৰ্বোচ্চ ৰাণৰ অভিলেখ ৷

সুনীল গাভাস্কাৰ

ABOUT THE AUTHOR

...view details