স্পৰ্টছ ডেস্ক, ৬ এপ্ৰিলঃCOVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত দিল্লীৰ সাংসদ তথা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ । সোমবাৰে দেশৰ ৰাজধানী দিল্লীত COVID-19 ৰোগীৰ বাবে প্ৰয়োজনীয় চিকিৎসা সঁজুলি ইত্যাদি ক্ৰয় কৰিবলৈ ৫০ লাখ টকা দিল্লী চৰকাৰক দিয়াৰ কথা উল্লেখ কৰে গম্ভীৰে ।
গম্ভীৰে এক পত্ৰত উল্লেখ কৰে, দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই দিল্লীৰ বহু কেইখন চৰকাৰী হাস্পতালৰ বাবে চিকিৎসা সঁজুলি ক্ৰয়ৰ বাবে ধনৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছিল । যাৰ বাবে ৫০ লাখ টকা দিয়াৰ পৰিকল্পনা কৰে সাংসদ গৰাকীয়ে । এই টকা COVID-19 ৰোগীৰ বাবে প্ৰয়োজনীয় চিকিৎসা সঁজুলি ক্ৰয়ত সহায়ক হ'ব বুলি উল্লেখ কৰে ।