স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : এগৰাকী পাকিস্তানী শিশুৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ সাংসদ গৌতম গম্ভীৰ পৰিণত হ'ল দেৱদূতলৈ ৷ পাকিস্তানৰ এটা পৰিয়ালে কণমানি 6 বছৰীয়া সন্তানক লৈ ভাৰতলৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে আহিব বিচাৰিছিল ৷ এই খবৰ লাভ কৰাৰ পাচতে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবৰ বাবে গম্ভীৰে বৈদেশিক মন্ত্ৰণালয়ক ভিছা প্ৰদানৰ বাবে অনুৰোধ জনায় ৷ বৈদেশিক মন্ত্ৰী জয়শংকৰলৈ এখন পত্ৰ প্ৰেৰণৰ জৰিয়তে পৰিয়ালটোক ভিছা প্ৰদান কৰিবলৈ অনুৰোধ জনাই গম্ভীৰে ৷
পাকিস্তানী শিশুৰ বাবে দেৱদূতলৈ পৰিণত হ'ল গৌতম গম্ভীৰ - অস্ত্ৰোপচাৰৰ বাবে ভাৰতলৈ আহিব বিচৰা শিশুক গৌতম গম্ভীৰৰ সহায়
মহানুভৱতাৰ পৰিচয় দিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ সাংসদ গৌতম গম্ভীৰে ৷ অস্ত্ৰোপচাৰৰ বাবে ভাৰতলৈ আহিব বিচৰা শিশু আৰু পৰিয়ালটোক ভিছা প্ৰদানত সহায় কৰিলে গম্ভীৰে ৷
গৌতম গম্ভীৰৰ টুইট
গম্ভীৰৰ এই অনুৰোধক অনুমোদন জনাই বৈদেশিক মন্ত্ৰণালয়ে অসুখীয়া শিশু আৰু তেওঁৰ পৰিয়ালৰ বাবে ভিছা প্ৰদান কৰে ৷ ইয়াৰ পাচতে গৌতম গম্ভীৰে টুইটাৰৰ জৰিয়তে অসুখীয়া শিশুগৰাকীক ভাৰতলৈ স্বাগতম জনায় ৷ লগতে পৰিয়ালটোক ভিছা প্ৰদান কৰা বাবে বৈদেশিক মন্ত্ৰী জয়শংকৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে ৷