অসম

assam

ETV Bharat / sports

ইডেন গাৰ্ডেন পৰিদৰ্শন সৌৰভ গাংগুলীৰ

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ইডেন গাৰ্ডেন পৰিদৰ্শন ৷ ছৈয়দ মুস্তাক আলি ট্ৰফীৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে গাংগুলীয়ে ৷

ইডেন গাৰ্ডেন পৰিদৰ্শন সৌৰভ গাংগুলীৰ
ইডেন গাৰ্ডেন পৰিদৰ্শন সৌৰভ গাংগুলীৰ

By

Published : Dec 31, 2020, 11:45 AM IST

স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ : বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী বুধবাৰে ইডেন গাৰ্ডেনত উপস্থিত হয় ৷ ছৈয়দ মুস্তাক আলি ট্ৰফীৰ প্ৰস্তুতি সম্পৰ্কত বেংগল ক্ৰিকেট বৰ্ডৰ সভাপতি অভিষেক দালমিয়াৰ সৈতে আলোচনাৰ বাবে ইডেন গাৰ্ডেনত উপস্থিত হয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকী ৷

ভিভিএছ লক্ষ্মণ

ষ্টেডিয়ামত উপস্থিত থাকে বেংগলৰ ক্ৰিকেট বৰ্ডৰ সম্পাদক স্নেহাশীষ গাংগুলী আৰু যুটীয়া সম্পাদক দেৱব্ৰত দাস ৷

বিচিচিআইৰ সভাপতিগৰাকীয়ে দলৰ প্ৰস্তুতি সম্পৰ্কত বেংগলৰ প্ৰশিক্ষক অৰুণ লালৰ সৈতে আলোচনা কৰাৰ লগতে ক্ৰিকেটাৰসকলৰ সৈতেও মত বিনিময় কৰে ৷

পূৰ্বে, প্ৰাক্তন ভাৰতীয় বেটছমেন ভিভিএছ লক্ষ্মণে কৈছিল যে, ক্ৰিকেটৰ ছুটী ফৰমেটত প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হৈছে বেংগল দল ৷

লক্ষ্মণে কয়, "মই ভাবো বেংগলৰ খেলুৱৈসকল সম্পূৰ্ণৰূপে প্ৰস্তুত ৷ বেটছমেনসকলৰ প্ৰদৰ্শনক লৈ মই সুখী, পূৰ্ণ প্ৰতিযোগিতামূলক বেংগল টি-20 চেলেঞ্জৰ জৰিয়তে তেওঁলোক সাজু হৈ উঠিব ৷ সকলোৱে ভাল প্ৰদৰ্শন কৰিছে, মই আশা কৰিছো যে, ইয়াৰ পৰা তেওঁলোকে ধাৰাবাহিকতা অব্যাহত ৰাখে, মেচজয়ী ইনিংছ খেলে আৰু বেংগলৰ বাবে টুৰ্ণামেন্ট দখল কৰে ৷"

উল্লেখ্য যে, ছৈয়দ মুস্তাক আলি ট্ৰফীৰ নকআউট মেচসমূহ অনুষ্ঠিত হ'ব আহমেদাবাদৰ মোতেৰা ষ্টেডিয়ামত ৷ কোৱাৰ্টাৰ ফাইনেল (26-27 জানুৱাৰী), ছেমি ফাইনেলছ (29 জানুৱাৰী) আৰু 31 জানুৱাৰীৰ ফাইনেল মোতেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক :7 বছৰৰ বিৰতিৰ অন্তত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন এছ শ্ৰীসান্থৰ

ABOUT THE AUTHOR

...view details