স্পৰ্টছ ডেস্ক, 5 জুলাইঃ ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুচেইনৰ গাংগুলীক লৈ এক ৰহস্য ফাদিল ৷ গাংগুলীয়ে প্ৰায়ে টছৰ সময়ত তেওঁক অপেক্ষা কৰোৱাইছিল বুলি কয় ইংলেণ্ডৰ খেলুৱৈগৰাকীয়ে ৷ অৱশ্য়ে দুয়োৰে মাজত খেলপথাৰৰ লগতে বাহিৰতো ঘনিষ্ঠ বন্ধুত্ব দেখা পোৱা যায় ৷
হুচেইনে এটা টেলিভিছন অনুষ্ঠানত কয়, মই এইটো সদায় কৈছো আৰু এইটো সামান্য় কথা, মই গাংগুলীৰ বিষয়ে সদায় এইটো কও তেওঁ ভাৰতীয় দলটোক শক্তিশালী কৰিছে ৷ সেইটো দল অতি বিনম্ৰ আছিল ৷ যদি আপুনি লগ কৰে তেন্তে অতি ভদ্ৰতাৰে ব্যৱহাৰ কৰিছিল বুলি কয় ৷
তেওঁ লগতে কয়, গাংগুলীৰ দলৰ বিৰুদ্ধে খেলা মানে এক যুদ্ধ কৰি থকাৰ দৰে আছিল ৷ গাংগুলীয়ে ভাৰতীয় অনুৰাগীৰ উৎসাহ-উদ্দীপনাক বুজি পাইছিল আৰু সেইটো ক্ৰিকেটৰ এটা মেচ মাত্ৰই নাছিল ৷ খেলতকৈ বহু বেছি আছিল ৷ গাংগুলী দৃঢ়, শক্তিশালী আছিল আৰু সেই অনুসৰিয়ে তেওঁ খেলুৱৈৰ নিৰ্বাচন কৰিছিল ৷ যদি মেচৰ অন্তত তেওঁক লগ কৰে তেন্তে তেওঁ ভালদৰে আচৰণ কৰিছিল ৷ সৌৰভ তেনেকৈয়ে আছিল ৷