স্পৰ্টছ ডেস্ক,6 জানুৱাৰী:বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি লাভ কৰিব বিচিচিআইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ৷ খেলুৱৈগৰাকী চিকিৎসাধীন হৈ থকা উডলেণ্ড হাস্পতাল কৰ্তৃপক্ষই ইয়াৰ শেহতীয়া বুলেটিনত প্ৰকাশ কৰে এই কথা ৷ বিগত 2 জানুৱাৰীত হৃগৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গাংগুলীক ৷
ইয়াৰ পিছতেই কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰা হৈছিল খেলুৱৈগৰাকীক ৷ 48 বৰ্ষীয় গাংগুলীৰ হৃদযন্ত্ৰত তিনিটাকৈ কৰ্নাৰী আৰ্টেৰিছ ব্লক ধৰা পৰিছিল ৷ যাৰ বাবে পৰৱৰ্তী সময়ত এনজিঅ’প্লাষ্টি কৰাৰ সিদ্ধান্ত লয় চিকিৎসকৰ দলে ৷ উডলেণ্ড হাস্পতালৰ 9 জনীয়া চিকিৎসকৰ দলে সকলো সময়তে গাংগুলীৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল ৷