নিউজ ডেস্ক, ৪ মে': পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীক এইবাৰ উভতি ধৰিলে নিৰ্ভীক মত প্ৰদান কৰাৰ বাবে জনাজাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অ'পেনাৰ গৌতম গম্ভীৰে । গম্ভীৰে কটাক্ষ কৰি কয় যে, আফ্ৰিদীক মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়োজন আছে । গম্ভীৰে টুইটাৰ একাউন্টৰ জৰিয়তে আফ্ৰিদীক টেগ কৰি লিখে যে, তেওঁ এজন হাস্যকৰ ব্যক্তি । যিহেতু ভাৰতে এতিয়াও পাকিস্তানী সকলক চিকিৎসা সেৱাৰ বাবে ভিছা প্ৰদান কৰি আহিছে সেয়েহে গম্ভীৰে নিজে আফ্ৰিদীক মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যাব বুলি আহ্বান জনায় ।
আফ্ৰিদীক উভতি ধৰিলে গম্ভীৰে - ডন ব্ৰেডমেন আৰু জেমছ বণ্ডৰ সংমিশ্ৰণ
পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীয়ে তেওঁৰ আত্মজীৱনী "গেম চেঞ্জাৰ"ত গৌতম গম্ভীৰক লৈ ব্যংগাত্মক মন্তব্য কৰিছে । ইয়াৰ পাছতে ভাৰতীয় খেলুৱৈ গৰাকীয়েও মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ আফ্ৰিদীক নিজে লৈ যাব বুলি প্ৰত্যুত্তৰ দিছে ।
আফ্ৰিদীক উভতি ধৰিলে গম্ভীৰে
উল্লেখ্য যে, আফ্ৰিদীৰ শেহতীয়াকৈ প্ৰকাশ পোৱা "গেম চেঞ্জাৰ" নামৰ আত্মজীৱনী খনত ব্যংগাত্মক ভাৱে গম্ভীৰৰ কথা উল্লেখ কৰি তেওঁ লিখিছিল যে, তেওঁৰ ব্যৱহাৰ ডন ব্ৰেডমেন আৰু জেমছ বণ্ডৰ সংমিশ্ৰণ আৰু খুব আত্মগৌৰৱী হোৱাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত কোনো ভাল ৰেকৰ্ড নাই । এই দুয়োজন খেলুৱৈয়ে খেলৰ ভিতৰে - বাহিৰে কেতিয়াও সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ় দিব পৰা নাছিল আৰু এই কথা আফ্ৰিদীৰ আত্মজীৱনীত প্ৰতিফলিত হৈছে ।