পদ্মশ্ৰীৰে সন্মানিত হ’ল খেলজগতৰ 8 গৰাকী তাৰকা - গৌতম গম্ভীৰ
ৰামনাথ কোবিন্দে প্ৰদান কৰিলে ক্ৰিকেটাৰ গৌতম গম্ভীৰ, ধৰ্নুবিদ বোম্বাইলা দেৱী, ফুটবলাৰ সুনীল চেত্ৰীকে ধৰি 8 গৰাকী খেলুৱৈক পদ্মশ্ৰীৰ সন্মান
![পদ্মশ্ৰীৰে সন্মানিত হ’ল খেলজগতৰ 8 গৰাকী তাৰকা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2715389-384-a0671c04-8a85-438e-8ea0-ab4112d1a620.jpg)
স্পৰ্টছ ডেস্ক, 17 মাৰ্চঃ শনিবাৰে প্ৰদান কৰা হয় 2019 বৰ্ষৰ পদ্মশ্ৰী বঁটা ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে এই পদ্মশ্ৰী বঁটা সমূহ ৷ পদ্মশ্ৰী লাভ কৰা খেল জগতৰ খেলুৱৈ সকলৰ ভিতৰত আছে ক্ৰিকেটাৰ গৌতম গম্ভীৰ, আৰ্চাৰাৰ বোম্বাইলা দেৱী, বাস্কেট বল খেলুৱৈ প্ৰশান্তি সিং, ফুটবলাৰ সুনীল চেত্ৰী, মল্লযুঁজাৰু বজৰং পুনীয়া, টেবুল টেনিছ খেলুৱৈ শৰত কমল, কাবাড্ডী খেলুৱৈ অজয় ঠাকুৰৰ লগতে দবা খেলুৱৈ হৰিকা দ্ৰোণাৱল্লী ৷ খেল জগত দিয়া তেওঁলোকৰ অৱদানৰ বাবেই এই সন্মাৰে সন্মানিত কৰা হয় তাৰকা খেলুৱৈ সকলক ৷