অসম

assam

ETV Bharat / sports

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত শ্ৰীলংকাৰ প্ৰাক্তন খেলুৱৈ দিলহাৰা ল’কুহেটিগ

শ্ৰীলংকাৰ প্ৰাক্তন খেলুৱৈ দিলহাৰা ল’কুহেটিগেৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ ৷ আই চি চিৰ দুৰ্নীতি বিৰোধী আইন উলংঘনৰ অভিযোগত অভিযুক্ত খেলুৱৈগৰাকী

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত শ্ৰীলংকাৰ প্ৰাক্তন খেলুৱৈ

By

Published : Apr 4, 2019, 5:53 PM IST

স্পৰ্টছ ডেস্ক, 4 এপ্ৰিলঃ শ্ৰীলংকাৰ প্ৰাক্তন খেলুৱৈ দিলহাৰা ল’কুহেটিগেৰ ওপৰত উঠিছে দুৰ্নীতিৰ অভিযোগ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আই চি চিৰ দুৰ্নীতি বিৰোধী আইনউলংঘনৰ বাবে দোষাৰোপ কৰিছে খেলুৱৈগৰাকীক ৷ খেলুৱৈগৰাকীৰ ওপৰত তিনিটা নিয়ম উলংঘা কৰাৰ অভিযোগ থকাৰ কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে আই চি চি য়ে ৷ ইয়াৰ এবছৰ পূৰ্বে আমিৰাত ক্ৰিকেট বৰ্ডেও খেলুৱৈগৰাকীৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷ 2017 চনত টি-10 লীগত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছিল খেলুৱৈগৰাকীৰ ওপৰত ৷

অনুচ্ছেদ 2.1.1 অধীনত আই চি চিয়ে খেলুৱৈগৰাকীৰ ওপৰত ফিক্সিং, দুৰ্নীতিৰ ক্ষেত্ৰত সহযোগ নকৰা, দুৰ্নীতিৰ ক্ষেত্ৰত আনক প্ৰৰোচিত কৰা ইত্যাদি অভিযোগ উত্থাপন কৰিছে ৷ বৰ্তমান খেলুৱৈ গৰাকীৰ হাতত এই বিষয়ে জবাব দিহিৰ বাবে সময় আছে 14 দিনৰ ৷

ABOUT THE AUTHOR

...view details