অসম

assam

ETV Bharat / sports

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিডীৰ দেহত COVID-19

বৃহস্পতিবাৰৰ পৰা অসুস্থ হৈ আছিল শ্বাহীদ আফ্ৰিডী। তাৰ পাচত পৰীক্ষা কৰাত শনিবাৰে শ্বাহীদ আফ্ৰিডীৰ দেহত ধৰা পৰে COVID-19।

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিডীৰ দেহত COVID-19
প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিডীৰ দেহত COVID-19

By

Published : Jun 13, 2020, 4:16 PM IST

নিউজ ডেস্ক, 13 জুনঃ পাকিস্তানী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহীদ আফ্ৰিডী COVID-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । শনিবাৰে খেলুৱৈ গৰাকীৰ দেহত ধৰা পৰে এই মহামাৰী । স্বয়ং আফ্ৰিডীয়ে টুইটৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা ।

টুইটযোগে খেলুৱৈগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ পৰাই অসুস্থ হৈ আছিল তেওঁ । তাৰ পাচত তেওঁ COVID-19 পৰীক্ষা কোৰোৱাত শনিবাৰে তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হয়। খেলুৱৈ গৰাকী সোনকালে যাতে সুস্থ হৈ উঠে তাৰ বাবে তেওঁৰ প্ৰশংসক-শুভাকাংশী সকলক প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই আফ্ৰিডীয়ে ।

উল্লেখ্য যে, তেওঁৰ দেশৰ এই সংকটময় সময়ত সাহায্য প্ৰদানত নিয়োজিত হৈ আছিল আফ্ৰিডী । প্ৰথম অৱস্থাত তেওঁক ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু হৰভজন সিঙেও সমৰ্থন আগবঢ়াইছিল । কিন্তু খেলুৱৈ গৰাকীয়ে কাশ্মীৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা কটু মন্তব্যৰ পাচতে সকলো ভাৰতীয় ক্ৰিকেটাৰে তেওঁৰ সৈতে কোনো সম্পৰ্ক ৰখা নাছিল ।

লগতে চাওকঃ কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

ABOUT THE AUTHOR

...view details