কেৰালা, 10 জুনঃ কেৰালাৰ তিৰুবনন্তপুৰমত চাঞ্চল্যকৰ হত্য়াকাণ্ড । প্ৰাক্তন ৰঞ্জী খেলুৱৈ জয়ামোহন থাম্পিক হত্য়া । সোমবাৰে পুত্ৰ আশ্বিন থাম্পিয়েই হত্যা কৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে কেৰালা আৰক্ষীয়ে মঙলবাৰে হত্য়াকাৰী পুত্ৰ আশ্বিন থাম্পিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
কেৰালাৰ প্ৰাক্তন ক্ৰিকেটাৰ জয়ামোহন থাম্পিক হত্যা ! পুত্ৰক গ্ৰেপ্তাৰ - আশ্বিন থাম্পিক গ্ৰেপ্তাৰ আৰক্ষীৰ
ক্ৰীড়াজগতৰ বাবে এক চাঞ্চল্য়কৰ ঘটনা । কেৰালাৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ জয়ামোহন থাম্পিক হত্যা । সোমবাৰে তিৰুবনন্তপুৰমত হত্যা কৰা হয় জয়ামোহন থাম্পিক । পুত্ৰই হত্যা কৰাৰ অভিযোগ । ইতিমধ্যে হত্যাকাৰী পুত্ৰ আশ্বিন থাম্পিক গ্ৰেপ্তাৰ আৰক্ষীৰ ।
আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে প্ৰাক্তন ৰঞ্জী খেলুৱৈগৰাকীৰ মৃতদেহ তিৰুবনন্তপুৰমৰ মানাচৌডৰ নিজ বাসগৃহত উদ্ধাৰ কৰা হৈছিল ।সেই সময়ত 64 বছৰীয়া প্ৰাক্তন খেলুৱৈগৰাকীৰ মৃতদেহটোৰ কপালত আঘাতৰ চিন স্পষ্টকৈ প্ৰতিফলিত হৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সোমবাৰে পুৱাৰ ভাগত ভাড়াতীয়াই আশ্বিনৰ ঘৰৰ পৰা অহা দুৰ্গন্ধৰ বিষয়ে অভিযোগ দিয়াৰ পাচতেই পোহৰলৈ আহে এই ঘটনা ।
আৰক্ষীয়ে বাসগৃহৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো । সন্দেহ কৰা মতে, দুদিন পূৰ্বেই হত্যা কৰা হৈছিল জয়ামোহন থাম্পিক । বৰ্তমানে আশ্বিনৰ লগতে আশ্বিনৰ ওচৰ-চুবুৰীয়াকো সোধ-পোচৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছে । হত্য়াৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ।