অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডৰ মছজিদত গুলীবৰ্ষণ, কথামপি প্ৰাণ ৰক্ষা বাংলাদেশৰ ক্ৰিকেট দলৰ - ক্ৰিষ্টচাৰ্চ

নিউজিলেণ্ডত গুলীবৰ্ষণৰ ঘটনা ৷ খ্ৰীষ্টচাৰ্চত অৱস্থিত মছজিদত সংঘটিত হৈছে গুলীবৰ্ষণ ৷ নিহত 9 জন ৷

মচজিদত গুলীবৰ্ষণ, সুৰক্ষিত বাংলাদেশ ক্ৰিকেট দল

By

Published : Mar 15, 2019, 10:10 AM IST

Updated : Mar 15, 2019, 10:37 AM IST

স্পৰ্টছ ডেস্ক, 15 মাৰ্চঃশুকুৰবাৰে পুৱা নিউজিলেণ্ডত সংঘটিত হৈছে এক গুলীবৰ্ষণৰ ঘটনা ৷ য’ত নিহত হৈছে 9 জনকৈ লোক আৰু আহত হয় প্ৰায় 40 ৰ পৰা 50 জনতকৈও অধিক লোক ৷ বৰ্তমান লৈকে গুলীবৰ্ষণৰ ঘটনাৰ আঁৰত কোন আছে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷ ঘটনাটো ক্ৰিষ্টচাৰ্চৰ ওচৰত থকা এখন মচজিদত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ লক্ষ্যণীয় যে, যি সময়ত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে সেই সময়ত বাংলাদেশ ক্ৰিকেট দলটো সেই স্থানতে উপস্থিত আছিল ৷ অৱশ্যে গুলীবৰ্ষণৰ খবৰ পোৱাৰ লগে-লগে সেই স্থানৰ পৰা ততাতৈয়াকৈ বাংলাদেশৰ খেলুৱৈ সকলক সুৰক্ষিত ভাৱে সেই স্থানৰ পৰা লৈ অনা হয় ৷

উল্লেখ্য যে , 16 তাৰিখে বাংলাদেশ দলটোৱে এই স্থানতেই নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত অৱতীৰ্ণ হ’ব ৷ এতিয়া এই ঘটনাৰ পিচত মেচখনক লৈ অনিশ্চিয়তাই বিৰাজ কৰিছে ৷ তিনি মেচৰ টেষ্ট শৃংখলাত ইতিমধ্যে 2-0 ৰে অগ্ৰগতি লৈ আছে নিউজিলেণ্ড দলটোৱে ৷

Last Updated : Mar 15, 2019, 10:37 AM IST

ABOUT THE AUTHOR

...view details