স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : প্ৰাক্তন অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ শ্বেন ৱাটছনে মঙলবাৰে ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ 'My retire announcement' শীৰ্ষক এক ভিডিঅ'ৰ জৰিয়তে তেওঁ লিখে, "এটা সুন্দৰ অধ্যায় শেষ হোৱাৰ লগতে অন্য এটা ৰোমাঞ্চকৰ অধ্যায়ৰ আৰম্ভণি হৈছে ৷ যিসকলে সপোন পূৰণ হয় বুলি মোক বিশ্বাস কৰিবলৈ শিকালে সেই সকলোৰে আগত মই সদায় কৃতজ্ঞ ৷ এতিয়া পৰৱৰ্তী ৰোমাঞ্চকৰ অধ্যায়লৈ যাত্ৰা কৰিম...,"
2002 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৱাটছনে অষ্ট্ৰেলিয়া দলক প্ৰতিনিধিত্ব কৰি 59 খন টেষ্ট মেচ, 190 খন এদিনীয়া, 58 খন টি-20 ত সংগ্ৰহ কৰিছে 14,000 ৰাণ ৷ লগতে তেওঁ দখল কৰিছে 291 টা আন্তৰাষ্ট্ৰীয় উইকেট ৷ 2016 চনত তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷
ভিডিঅ'টোত তেওঁ কয়, "এয়া এটা সপোনৰ দৰে আৰম্ভ হৈছিল ৷ 5 বছৰ বয়সত এখন টেষ্ট মেচ চাই থাকোতে মাক কৈছিলো যে, মই অষ্ট্ৰেলিয়াৰ হৈ ক্ৰিকেট খেলিব বিচাৰো ৷ এতিয়া যিহেতু ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিছো সেয়েহে এই সপোন উপভোগ কৰিবলৈ পাই মই অতিকৈ সুখী ৷"