অসম

assam

ETV Bharat / sports

2021, 2022 চনতো ধোনী চেন্নাই দলৰ অংশ হৈ থাকিব বুলি আশা কৰো : বিশ্বনাথন - 19 ছেপ্টেম্বৰৰ পৰা আৰৱ গণৰাজ্যত 13 সংখ্যক আইপিএল

চেন্নাই ছুপাৰ কিংছৰ (CSK) মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে বিশ্বাস কৰে যে, উইকেট কীপাৰ-বেটছমেন এম. এছ. ধোনী 2021 আৰু 2022 বৰ্ষৰ আইপিএলতো দলটোৰ অংশ হৈ থাকিব ৷ উল্লেখ্য যে, 19 ছেপ্টেম্বৰৰ পৰা আৰৱ গণৰাজ্যত আৰম্ভ হ'বলগা 13 সংখ্যক আইপিএলৰ চেন্নাই দলক নেতৃত্ব প্ৰদান কৰিব ধোনীয়ে ৷

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক
এম. এছ. ধোনী

By

Published : Aug 12, 2020, 1:57 PM IST

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : চেন্নাই ছুপাৰ কিংছৰ (CSK) মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে বিশ্বাস কৰে যে, উইকেট কীপাৰ-বেটছমেন এম. এছ. ধোনী 2021 আৰু 2022 বৰ্ষৰ আইপিএলতো দলটোৰ অংশ হৈ থাকিব ৷ উল্লেখ্য যে, 19 ছেপ্টেম্বৰৰ পৰা আৰৱ গণৰাজ্যত আৰম্ভ হ'বলগা 13 সংখ্যক আইপিএলৰ চেন্নাই দলক নেতৃত্ব প্ৰদান কৰিব ধোনীয়ে ৷

বিশ্বনাথনে মন্তব্য কৰে, "হয়, আইপিএল 2020 আৰু 2021 ৰ লগতে 2022 চনতো ধোনী চেন্নাই দলৰ অংশ হৈ থাকিব বুলি আমি আশা কৰো ৷"

তথ্য অনুসৰি, প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে ঘৰুৱা চহৰ ৰাঁচীৰ এক একাডেমীত যোৱা সপ্তাহত কিছু অনুশীলনত অংশ লয় ৷ ইয়াৰোপৰি, 16 ৰ পৰা 20 আগষ্টলৈ আৰম্ভ হ'বলগা চেন্নাই দলৰ 15 জনীয়া সদস্যৰ এক প্ৰশিক্ষণ শিবিৰতো তেওঁ অংশগ্ৰহণ কৰিব ৷

বিশ্বনাথনে কয়, "মই মিডিয়াৰ পৰাহে সকলো তথ্য লাভ কৰিছো যে, তেওঁ ঝাৰখণ্ডত অনুশীলন চলাই আছে ৷ আমি অধিনায়কজনৰ বিষয়ে কোনো চিন্তা কৰিবলগা নাই ৷ আমি কোনো কাৰণতে তেওঁক লৈ চিন্তিত নহয় ৷ তেওঁ নিজৰ দায়িত্ব ভালদৰে জানে আৰু তেওঁ নিজৰ লগতে দলৰ ৰক্ষণাবেক্ষণ দিব জানে ৷"

উল্লেখ্য যে, 39 বৰ্ষীয় প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীক 2019 বৰ্ষৰ বিশ্বকাপত অন্তিমবাৰৰ বাবে প্ৰতিযোগিতামূলক ক্ৰিকেটত দেখা গৈছিল ৷ তেতিয়াৰ পৰা সীমিত অ'ভাৰৰ মেচত তেওঁৰ স্থান পূৰণ কৰিছে ঋষভ পন্ত আৰু কে. এল. ৰাহুলে ৷

লগতে পঢ়ক :হাস্পতাললৈ প্ৰেৰণ ক'ভিডত আক্ৰান্ত ছয় হকী খেলুৱৈ : SAI

ABOUT THE AUTHOR

...view details