স্পৰ্টছ ডেস্ক, 28 মে': আইচিচি টি-20 বিশ্বকাপলৈ আজি অনুষ্ঠিত হ'ব এক গুৰুত্বপূৰ্ণ বৈঠক । জানিব পৰা মতে, এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব 2020 আইচিচি টি-20 বিশ্বকাপক স্থগিত কৰি 2022 চনলৈ স্থানান্তৰিত কৰাৰ ।
যদিহে এই তথ্য় শুদ্ধ প্ৰতিপন্ন হয় তেন্তে বাৰুকৈ প্ৰভাৱিত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেট কেৰিয়াৰ । পোন প্ৰথমে আইপিএলৰ যোগেদি ভাৰতীয় দলত ধোনীৰ প্ৰত্যাৱৰ্তনৰ আশা কৰা হৈছিল যদিও আইপিএল স্থগিত হোৱাৰ পাচত ধোনী অনুৰাগীৰ বাবে শেষ ভৰসা আছিল 2020 টি-20 বিশ্বকাপ । এতিয়া ধোনীৰ প্ৰত্যাৱৰ্তনক লৈ অনিশ্চয়তাই দেখা দিছে ।
এই সন্দৰ্ভত জেষ্ঠ সাংবাদিক শ্বেখৰ লুথ্ৰাৰ সৈতে ইটিভি ভাৰতৰ টেলিফোনিক বাৰ্তালাপ । এই বাৰ্তালাপত ধোনীৰ কেৰিয়াৰক লৈ সাংবাদিকগৰাকীয়ে প্ৰদান কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য ।
ধোনী বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ ইতিহাস । ধোনীক পুনৰ ভাৰতীয় নিলা জাৰ্ছীত দেখা পোৱা যোৱাৰ সম্ভাৱনা নাই । 2019 বিশ্বকাপৰ পাচতেই ধোনীয়ে সন্ন্যাস ঘোষণা কৰিব লাগিছিল।এই বুলি উল্লেখ কৰে জেষ্ঠ সাংবাদিকগৰাকীয়ে ।
জেষ্ঠ সাংবাদিক শ্বেখৰ লুথ্ৰাৰ সৈতে ইটিভি ভাৰতৰ টেলিফোনিক বাৰ্তালাপ উল্লেখ্য় যে, ধোনীক শেষবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলত দেখা পোৱা গৈছিল নিউজিলেণ্ডৰ বিৰুদ্ধে 2019 বিশ্বকাপৰ ছেমিফাইনেল মেচত । তাৰ পাচৰ পৰাই ধোনীয়ে বহু কেইটা শৃংখলাৰ পৰা নিজকে আঁতৰাই ৰাখিছিল । যাৰ বাবে সময়ে-সময়ে ধোনীৰ সন্ন্যাসৰ কথা বাৰুকৈ ক্ৰিকেট জগতত উত্থাপন হৈ আহিছে । অৱশ্যে বৰ্তমানলৈকে সন্ন্যাসকলৈ ধোনীয়ে নিজৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি প্ৰদান কৰা নাই । কৰ'ণা ভাইৰাছৰ ফলত আইপিএলৰ অনিদিৰ্ষ্ট কাললৈ স্থগিত হোৱা পৰিঘটনাই এতিয়া ধোনীৰ প্ৰত্যাৱৰ্তনক অধিক জটিল কৰি তুলিছে ।
ধোনীয়ে বৰ্তমানলৈকে ভাৰতৰ বাবে 350 খন এদিনীয়াত অংশ গ্ৰহণ কৰিছে । য'ত 50.58 গড় ৰানেৰে তেওঁৰ নামত আছে 10,773 ৰান । ধোনীয়ে এদিনীয়াত 10 টা শতক আৰু 77 টা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনহাতে ধোনীৰ 98 খন আন্তঃৰাষ্ট্ৰীয় টি-20 ত আছে 3215 ৰান । টেষ্ট ক্ৰিকেটৰ পৰা পূৰ্বতেই সন্ন্যাস লোৱা ধোনীয়ে 90 খন টেষ্টত 8248৮ ৰান কৰিবলৈ সক্ষম হৈছিল । ধোনীৰ নেতৃত্বতেই ভাৰতে 2007 টি-20 বিশ্বকাপ আৰু 2011 এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰিছিল ।